শনিবাৰৰ পৰা চৰাইদেউত পয় লেং উৎসৱ; উপস্থিত থাকিব দেশ-বিদেশৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক - buddhist festival at charaideo

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 9:19 PM IST

মৰাণ, ২ ফেব্ৰুৱাৰী : চৰাইদেউৰ চলাপথাৰ শ্যাম গাঁৱত পয় লেং (ৰথোৎসৱ) আয়োজনৰ ব্যাপক প্ৰস্তুতি । শনিবাৰৰ পৰা পৰা ডঃ শাসনবংশ মহাথেৰা ভাণ্টেৰ এই 'পয় লেং' উৎসৱ অনুষ্ঠিত হ'ব । বিগত বৰ্ষৰ ২৪ আগষ্টত মৃত্যু ঘটা ভাণ্টেগৰাকীক শ্ৰদ্ধা নিবেদন কৰিবলৈ এই 'পয় লেং' উৎসৱৰ আয়োজন কৰা হৈছে । 

উল্লেখ্য যে উত্তৰ-পূব ভাৰতৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ প্ৰসিদ্ধ ধৰ্মগুৰু তথা আনন্দৰাম বৰুৱা বঁটাপ্ৰাপক, পালিভাষা, বৌদ্ধ ধৰ্মৰ পণ্ডিতপ্ৰৱৰ, সাহিত্যিক, শিক্ষাবিদ ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভাণ্টেৰ পৰিনিৰ্বাণ অৰ্থাৎ স্বৰ্গগামী উপলক্ষে অন্তিম পবিত্রময় পালনীয় 'পয় লেং' (ৰথোৎসৱ) অনুষ্ঠানটি শনিবাৰৰ পৰা অনুষ্ঠিত হ'ব । 

বৌদ্ধ ধৰ্মীয় নীতি অনুসৰি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই 'পয় লেং' অনুষ্ঠানত ভাৰতৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ লগতে থাইলেণ্ড, ভিয়েটনাম আদিৰ পৰাও বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে । আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানৰ সামৰণিৰ দিনটোত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । 

লগতে পঢ়ক :গুৱাহাটীত এইবাৰ ৰোড শ্ব’ নকৰাকৈয়ে ১১৫৯৯ কোটি মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.