হাতেৰে ঢুকি পোৱাতে বিদ্যুৎ পৰিবাহী তাঁৰ, বিদ্যুৎ বিভাগৰ মৰণফাণ্ড - Power Departments Negligence

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 2:22 PM IST

আমগুৰি, ২৯ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ আমগুৰি বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ে মাটিৰ পৰা ৬/৭ ফুট উচ্চতাত বিদ্যুৎ পৰিবাহী তাঁৰ ওলমাই ৰাখি মৰণফাণ্ড পতা কাৰ্যই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । নামতিৰ আদৰ্শ গণক গাঁৱত যিকোনো সময়তে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা । যিকোনো মুহূৰ্ততে কাঢ়ি নিব পাৰে নিৰীহ লোক জীৱন । স্থানীয় লোকৰ অভিযোগক আমগুৰি বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ বিষয়াই গুৰুত্ব নিদিয়াৰ অভিযোগ ।  

স্থানীয় লোকে বহুবাৰ এই বিষয়ত লাইন মেনকে ধৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক অৱগত কৰিছে যদিও স্থানীয় লোকৰ অভিযোগক বিভাগটোৱে গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰে ভুক্তভোগী ৰাইজে । যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰিছে একাংশ লোকে । শীঘ্ৰে বিদ্যুৎ পৰিবাহী তাঁৰ সঠিক উচ্চতাত সংস্থাপিত কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ।

লগতে পঢ়ক: অসম বন্ধ আহ্বান কৰিলেই ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ: সতৰ্কবাণী আৰক্ষী সঞ্চালক প্ৰধানৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.