বিজেপিৰ কাৰ্যালয়ৰ সমীপতে আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ পৰিৱেশ - Bhutan Road Condition

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 9:06 AM IST

thumbnail
4 নং ৱাৰ্ডৰ ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথছোৱা এতিয়া পানীৰ তলত (ETV Bharat Assam)

বজালী, 12 জুলাই : এজাক বৰষুণতে বুৰিল পাঠশালা পৌৰসভাৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ ফলত যমৰ যাতনা ভুগিছে পথচাৰী তথা অঞ্চলটোৰ ৰাইজে ৷ কিছুদিন পূৰ্বে এই ঘাইপথছোৱাতে এক দুৰ্ঘটনাত পতিত এজন বৃদ্ধ আহত হৈছিল ৷ এই কথা উল্লেখ কৰিছে অঞ্চলটোৰ এজন স্থানীয় যুৱকে ৷

স্থানীয় যুৱকজনে উল্লেখ কৰা মতে, 4 নং ৱাৰ্ডৰ ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ সমুখভাগতে আছে বিজেপি জিলা কাৰ্যালয় আৰু তাৰে কাষতে আছে এটা চৰকাৰী অফিচ ৷ এই দুটা কাৰ্যালয়ৰ পৰা অহৰহ নিৰ্গত হৈ আছে পানী ৷ যাৰ বাবেও অঞ্চলটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে বুলি অভিযোগ কৰে স্থানীয় যুৱকজনে ৷

স্থানীয় যুৱকজনে আৰু কয় যে 16 বছৰ পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত পথৰ দুয়োকাষে থকা পৰিয়ালবোৰে 80% ক্ষতিপূৰণৰ ধন কেতিয়াবাই লাভ কৰিছে ৷ কিন্তু বাকী 20% ধন নোপোৱাৰ বাবে বছৰ বছৰ ধৰি এতিয়াও তেওঁলোকে চৰকাৰী ভূমি দখল কৰি আছে ৷

জিলা প্ৰশাসনে বহুবাৰ উচ্ছেদৰ জাননি দিয়াৰ পিচতো একো ফল ধৰা নাই ৷ যাৰ পৰিণতিত নিৰ্মাণ হোৱা নাই নলা ৷ নলা নিৰ্মাণ নোহোৱাৰ বাবে পাঠশালা পৌৰসভাৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথছোৱা এতিয়া যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷

লগতে পঢ়ক : সৰ্থেবাৰী-বটিয়াতৰ বুঢ়াদিয়া নদীৰ ভগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ দাসৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.