অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ আৰক্ষী - Police personnel detain in Dhubri

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 5:27 PM IST

thumbnail
অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ আৰক্ষীৰ (ETV Bharat Assam)

ধুবুৰী, ২ আগষ্ট :  অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহত নামিছে গোলকগঞ্জ আৰক্ষী । বিজেপিৰ নামত ধন সংগ্ৰহত নামিল অসম আৰক্ষীৰ জোৱান । আদায় দিয়া ধন ঘূৰাই বিচাৰি গোলকগঞ্জ থানা উত্তাল কৰিলে একাংশ মহিলাই । ইয়াৰ পিচতে আৰক্ষী জোৱানজনক কৰা হ’ল গ্ৰেপ্তাৰ ৷

প্ৰৱঞ্চনাৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা আৰক্ষী জোৱানগৰাকী হ’ল অসম আৰক্ষীৰ ৰাকিবুল ইছলাম আহমেদ । পেছাত আৰক্ষীৰ জোৱান হ’লেও নিজকে বিজেপি নেতাৰ পৰিচয় দি বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰাকিবুল ইছলামৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি ৰাকিবুলে তেওঁৰ প্ৰথমা পত্নীৰ গাঁৱত থাকি অৰ্ধ শতাধিক মহিলাৰ পৰা ধন সংগ্ৰহ কৰে অৰুনোদয় আঁচনিৰ নামত ৷ প্ৰতিগৰাকী মহিলাৰ পৰা এক হাজাৰকৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ ৰাকিবুল ইছলামৰ বিৰুদ্ধে  ৷ আনহাতে টকা লৈয়ে ৰাকিবুলে আত্মগোপন কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে ৷

ৰাকিবুল ইছলাম আহমেদৰ প্ৰথমা পত্নীক মহিলাসকলে ধন ঘূৰাই বিচৰাত অৱশেষত পত্নীয়ে বিচাৰি উলিয়াই ৰাকিবুলৰ শেহতীয়া অৱস্থিতি । সেই অনুসৰি শুকুৰবাৰে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নেতৃত্বত মহিলাসকলে গোলকগঞ্জ থানাত উপস্থিত হৈ ধন বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ইপিনে থানাৰ ভিতৰতে মহিলাসকলক ৰাকিবুলে অভব্য আচৰণ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ ধন ঘূৰাই নাপালে আদালতৰ কাষ চপাৰ হুংকাৰ দিছে ভুক্তভোগী মহিলাসকলে ৷

লগতে পঢ়ক : দশ শতাংশ লোকক অৰুণোদয় দি, ৯০ শতাংশক চৰকাৰে শোষণ কৰিছে: সংখ্যালঘু সংগ্ৰাম পৰিষদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.