ডিফুত এ পি এইচ এল চিৰ সমদল: বিভিন্ন স্থানত আৰক্ষীৰ বাধা - APHLC Mass Rally in Diphu

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 10:49 PM IST

thumbnail
ডিফুত এ পি এইচ এল চিৰ সমদল (ETV Bharat Assam)

ডিফু, ২০ আগষ্ট : কাৰ্বি পাহাৰৰ আঞ্চলিক দল এ পি এইচ এল চিৰ গণ সমদলত আৰক্ষীৰ বাধা । দলটোৱে মঙলবাৰে ডিফুত এক গণ সমদলেৰে জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰদানৰ কথা আছিল ৷ কিন্তু প্ৰশাসনে দলটোক সমদল উলিওৱাৰ অনুমতি নিদিলে ৷ বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এই অনুমতি নিদিয়া বুলি প্ৰশাসনে দলটোক জনায় ৷

কিন্তু দলটোৱে প্ৰশাসনৰ এই যুক্তিত পতিয়ন ন'গৈ ডিফুৰ বিৰলাৰ পৰা সমদল কৰি আয়ুক্ত কাৰ্যালয়লৈ অহাৰ সংকল্প লয়  ৷ ফলত মঙলবাৰে পুৱাৰে পৰা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং আৰক্ষী সষ্টম হৈ পৰে ৷

আনহাতে, দলটোৰ নেতা জনছ ইংতি কাথাৰৰ অভিযোগ, "আমাৰ সমৰ্থকসকলক পশ্চিম কাৰ্বি আংলং, ডকমকা, বোকাজান, হাওৰাঘাট, বৰলাংফাৰ আদিৰ পৰা ডিফুলৈ অহাত প্ৰশাসনে বাধা দিছে ৷ কিন্তু বিজেপিয়ে বাধা দিলেও আমি সমদল উলিয়ামেই ।"

উল্লেখ্য যে আৰক্ষী প্ৰশাসনৰ বাধা নেওচি দলটোৰ শতাধিক সমৰ্থক বৃহৎ আৰক্ষী বাহিনীৰ বেষ্টনীৰে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহে ৷

দলটোৱে পাহাৰীয়া জিলা তিনিখনক লৈ এখন স্বায়ত্ত্বশাসিত ৰাজ্য গঠন, ভাৰতীয় সংবিধানৰ ১২৫ সংখ্যক সংশোধনীৰ খচৰাত সংশোধন অনা আৰু পি জি আৰ/ভি জি আৰত বসবাস কৰা অনা-খিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷

উল্লেখ্য যে ৬ আগষ্টৰ এক প্ৰতিবাদী সমদলত গুলী চলাবলগা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাবে মঙলবাৰে এ পি এইচ এল চিৰ সমদলত দলীয় কৰ্মীতকৈ আৰক্ষীৰ সংখ্যা অধিক পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :শৰাইত গামোচা, তামোল-পাণ লৈ ক্ষমা বিচাৰিলে অনা অসমীয়া ব্যৱসায়ী সমাজে - Player Attack in Sivasagar
লগতে পঢ়ক :শংকৰ সিঙেও উঠাই ল'লে শৃংখলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ - FIR against Shrinkhal Chaliha

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.