লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন, যোৰহাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা LIVE - PM MODI LIVE

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 1:09 PM IST

Updated : Mar 9, 2024, 1:44 PM IST

যোৰহাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি চিৰযুগমীয়া কৰি তুলিবৰ বাবে যোৰহাট মেলেং হোলোঙাপাৰস্থিত লাচিত মৈদামত নিৰ্মাণ কৰি উলিওৱা লাচিত বৰফুকনৰ 125 ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ আজি দেশবাসীৰ বাবে উক্ত প্ৰতিমূৰ্তিটো উৰ্চগা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । হোলোঙোপাৰৰ লাচিত মৈদামত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা এই লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো 175 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ ইতিমধ্যে যুদ্ধংদেহী ৰূপত সষ্টম হৈ আছে প্ৰশাসন ব্যৱস্থাও ৷ লগতে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে যোৰহাট নগৰ আৰু সমীপৱৰ্তী অঞ্চলসমূহ । হোলোঙোপাৰাৰ লাচিত মৈদামৰ পৰা গৈ যোৰহাটৰ টীয়ক মেলেং মেটেলি ৰাজহুৱা সভাত অংশ ল’ব মোদীয়ে । উক্ত ৰাজহুৱা সভাৰ পৰাই অসম তথা দেশবাসীৰ বাবে কেইবাটাও প্ৰকল্প, আঁচনিৰ আধাৰশিলা মুকলি কৰাৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে ।
Last Updated : Mar 9, 2024, 1:44 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.