শান্ত হোৱা নাই কপিলী : গাখীৰ ঢালি কাকুতি ঘোষা কপিলীপৰীয়াৰ - Kapili River Erosion

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 8:23 PM IST

thumbnail
কপিলীৰ ভয়ংকৰ খহনীয়া (ETV Bharat Assam)

বঢ়মপুৰ,২৭ জুন: বানে ধোৱা কামপুৰত পুনৰ আন এক দুৰ্যোগ । এটাৰ পিচত এটা বিপদে যেন লগ নেৰা হৈছে কামপুৰবাসীক । বানৰ পাচত কপিলী নদীৰ খহনীয়া ত্ৰাসৰ বাবে পুনৰ শংকিত হৈ পৰিছে কপিলীপৰীয়া ৰাইজ ৷ কপিলী নদীৰ জলপৃষ্ঠ কমাৰ লগে লগেই এতিয়া ভাবুকি আহি পৰিছে মথাউৰি সমূহলৈ । কপিলী নৈত জাহ গ'ল কামপুৰ বৰচুঙত নিৰ্মাণ কৰা ৬ কোটি টকীয়া জলসম্পদ বিভাগৰ শিল বান্ধ ।  

তাচপাতৰ দৰে শিল বান্ধটো খহি যোৱাত এতিয়া আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ যাৰ বাবে এতিয়া নেদেখাজনৰ ওপৰতে শেষ ভৰসা কৰিছে ৰাইজে । সেয়েহে ৰাংঢালী কপিলীজনীক শান্ত কৰিবৰ বাবে বৰ্তমান মথাউৰি পাৰত ৰাইজে আৰম্ভ কৰিছে পূজা অৰ্চনা । ভগৱান তথা গংগা মাক গাখীৰ ঢালি, সেৱা লৈ পূজা-অৰ্চনা কৰি জুৰিছে কাকুতি ঘোষা, যাতে কপিলীপৰীয়া ৰাইজক ৰক্ষা কৰে ৷ চৰকাৰ আৰু জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই এতিয়া এনেদৰে নেদেখাজনৰ শৰণাপন্ন হোৱা দেখা গৈছে বৰচুংবাসী ৰাইজক ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.