ৰূপজ্যোতি কুৰ্মীৰ কণ্ঠত ইটোৰ পিচত সিটো দেশপ্ৰেমমূলক গীত : বিধায়কগৰাকীৰ কণ্ঠত মুগ্ধ অজস্ৰজন - MLA Rupjyoti Kurmi

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 10:24 PM IST

thumbnail
ৰূপজ্যোতি কুৰ্মীৰ কণ্ঠত দেশপ্ৰেমমূলক গীত (ETV Bharat Assam)

যোৰহাট, ১৩ আগষ্ট : মঙলবাৰে যোৰহাটত গায়কৰ ৰূপত দেখা গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷ হাতত মাইক্ৰ’ফোন লৈ মঞ্চত বিধায়ক কুৰ্মীৰ কণ্ঠৰে নিগৰিল ইটোৰ পিচত সিটো জনপ্ৰিয় দেশপ্ৰেমমূলক গীত ৷ বিধায়কগৰাকীৰ কণ্ঠৰে নিগৰা গীত উপভোগ কৰিলে উপস্থিত জনতাই ৷

উল্লেখ্য যে মঙলবাৰে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰেক্ষাগৃহতো ত্ৰিৰংগা সংগীতানুষ্ঠানৰ এক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লোকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দেশপ্ৰেমমূলক গীতত কন্ঠদান কৰাৰ লগতে নৃত্য পৰিৱেশন কৰে ৷ ইয়াকে দেখি মৰিয়নী সমষ্টিৰ বিধায়কে নিজকে চম্ভালিব নোৱাৰিলে ৷

নিজৰ আসন পৰা উঠি আহি মঞ্চত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰম্ভ কৰিলে দেশপ্ৰেমমূলক গীত পৰিৱেশনত ৷ তদুপৰি বিধায়কগৰাকীয়ে বুজালে স্বাধীনতা দিৱসৰ ঐতিহ্য ৷ ৰূপজ্যোতি কুৰ্মীয়ে কন্ঠ নিগৰা দেশপ্ৰেমমূলক গীতত আপ্লুত হৈ পৰে জিলা আয়ুক্তৰ লগতে প্ৰেক্ষাগৃহৰ আসন শুৱনি কৰি থকা বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ লগতে মঞ্চত উপস্থিত থকাসকল ৷

লগতে পঢ়ক : 78 সংখ্যক স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে কোন জিলাত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.