কন্যাৰ বিয়াৰ বজাৰ কৰি ঘৰলৈ ওভতাৰ পথতেই প্ৰাণ হেৰুৱালে পিতৃয়ে - SILCHAR ROAD ACCIDENT
🎬 Watch Now: Feature Video
Published : Dec 10, 2024, 11:42 AM IST
শিলচৰ: ৰাজপথত এতিয়া মৃত্য়ুৰ কিৰিলি । ঘৰৰ পৰা ওলাই যোৱাজন উভতি আহিবনে নাই তাৰ হিচাপ নোহোৱা হৈছে একাংশ উদণ্ড গাড়ী চালকৰ বাবে । ৰাজপথত বিভিন্ন সৰু-বৰ গাড়ী, ট্ৰাকৰ দ্ৰুত গতিয়ে প্ৰাণ লৈছে বহুতৰে । এনেবোৰ ঘটনাৰ মাজতেই ঘটিল আন এক অঘটন । কন্যাৰ বিয়াৰ বজাৰ কৰি ঘৰলৈ উভতি অহাৰ পথত প্ৰাণ হেৰুৱালে এগৰাকী পিতৃয়ে ।
এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে শিলচৰ-মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰত । মৃত লোকজনৰ নাম মইন উদ্দিন ৷ তেওঁৰ ঘৰ উধাৰবন্ধৰ শালগঙ্গাত । মঙলবাৰে পুৱাই মইন উদ্দিন নামৰ লোকজনে পত্নী আৰু কন্যাক লগত লৈ কন্যাৰ বিয়াৰ বজাৰ কৰিবলৈ আহিছিল শিলচৰ চহৰলৈ । বজাৰ কৰি পত্নী আৰু কন্যাক এখন অটোত তুলি নিজে স্কুটীৰে ঘৰলৈ ৰওনা হৈছিল মইন উদ্দিন ।
সেই সময়ত ৰংপুৰ অঞ্চলত হঠাৎ জগন্নাথ ট্রেভেলছ নামৰ এখন বাছে পিছপিনে দ্ৰুত গতিত স্কুটীখনত খুন্দিওৱাত ৰাজপথতেই বাগৰি পৰাত মইন উদ্দিনৰ মৃত্য়ু হয় । ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰি বাছখন পলাই যায় যদিও আৰক্ষীয়ে কাছাৰৰ বাশকান্দিত জব্দ কৰে ।
আনহাতে, ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছত পৰিস্থিতি কিছু উত্তপ্ত হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।