ড্ৰাগছ আসক্ত যুৱকৰ ছুৰীকাঘাতত তেজেৰে লুতুৰি পুতুৰি এজন - ATTEMPTED TO MURDER

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 10:37 PM IST

thumbnail
ড্ৰাগছ আসক্ত যুৱকৰ চুৰিকাঘাট, সংকটজনক অৱস্থাত ভুক্তভোগী (ETV Bharat Assam)

গুৱাহাটী,১ জুন: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা গুৱাহাটী মহানগৰী যেন নিশা হৈ আহিলেই হৈ পৰে জয়াল । ড্ৰাগছ আসক্ত যুৱকৰ বৃদ্ধি পায় উন্মাদনা । সংঘটিত কৰে চুৰি, ডকাইতি আদিৰ দৰে চাঞ্চল্যকৰ ঘটনা । পুনৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ছুৰীকাঘাটৰ ঘটনা । কোনো কাৰণ নোহোৱাকৈয়ে এজন লোকক ৰাজপথতেই প্ৰাণে মৰাৰ চেষ্টা চলাই ড্ৰাগছ আসক্ত যুৱকে । ড্ৰাগছ আসক্ত যুৱকৰ ছুৰীকাঘাতত তেজেৰে লুতুৰি পুতুৰি হৈ ৰাজপথত পৰি ৰয় ভুক্তভোগী লোকজন ।  

ঘটনাৰ বিৱৰনী অনুসৰি পাটৰকুছিৰ উত্তম দাস নামৰ এজন সুৰা বিপণিত কাম কৰা ব্যক্তিয়ে নিশা বিপণি বন্ধ কৰি এখন ই-ৰিক্সাত স্ব-গৃহ অভিমুখে গৈ থকা অৱস্থাতে ভুট্টু দাস নামৰ ই-ৰিক্সাৰ চালকজনে উত্তম দাসক চোকা অস্ত্ৰ আৰু ৰডেৰে প্ৰাণে মৰাৰ চেষ্টা চলায় । যুৱকজনৰ আক্ৰমণত তেজেৰে লুতুৰি পুতুৰি হৈ পৰা উত্তম দাসক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিবলৈ চেষ্টা কৰে ভুট্টু দাসে । স্থানীয় ৰাইজৰ সহযোগত ভুট্টু দাসক আটক কৰে বশিষ্ঠ আৰক্ষীয়ে । ইতিমধ্যে ভুট্টু দাসক আটক কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.