thumbnail

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:38 AM IST

ETV Bharat / Videos

২৯ মাৰ্চত ছবিগৃহলৈ আহিব 'ইতি তোমাৰ'

গুৱাহাটী, ১০ মাৰ্চ: ২৯ মাৰ্চত ৰাজ্যৰ ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছুটি ছবি 'ইতি তোমাৰ' । পাৰভেজ আহমেদৰ পৰিচালনাৰে মুক্তি পাব লগা ছবিখনত অভিনয় কৰিছে দৰথী ভৰদ্বাজ, অৰুণ নাথ, ড৹ আকাশীতৰা, লিপিকা বৰা মেধি, ড৹ অনুপম কৌশিক বৰা, নৰ্মদা দাসকে ধৰি অন্যান্য শিল্পীসকলে । এই ছবিখনত অতিথি শিল্পী হিচাপে অভিনয় কৰিছে মলয়া গোস্বামী আৰু মণিষা হাজৰিকাই ।

ছবিখনত অভিনয় কৰিছে দুগৰাকী শিশু শিল্পীয়ে । ছবিখন গুৱাহাটী, শ্বিলং, মিৰ্জা আদি স্থানত চিত্ৰগ্ৰহণ কৰা হৈছে । ছবিখনৰ মূল কাহিনী হৈছে প্ৰেম । অভিনেত্ৰী দৰথী ভৰদ্বাজে কয়, ‘‘প্ৰেমক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে । প্ৰেমৰ কোনো বয়স নাথাকে । ছবিখনত মই যৌৱনৰ সময়খিনিৰ অভিনয় কৰিছো । ছবিখনত অভিনয় কৰা নৰ্মদা দাসে কয় ,প্ৰেম স্বৰ্গীয় শব্দ । প্ৰেম অবিহনে জীৱনটো পাৰ কৰিব নোৱাৰি । প্ৰেমক লৈয়ে ছবিখন নিৰ্মাণ কৰা হৈছে । ২৯ মাৰ্চত ছবিগৃহলৈ আহিব । আশা কৰো ছবিখন ৰাইজে আদৰি ল'ব’’ ।  

লগতে পঢ়ক: হঠাৎ কিয় বৃদ্ধ ৰূপ ল’লে অভিনেতা নয়ন নীলিমে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.