নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব ৰাজ্যৰ বহু পৰিয়ালে : ৰণজিৎ কুমাৰ দাস - Ranjeet Kumar Dass in silchar

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 5:23 PM IST

thumbnail
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

শিলচৰ, 21 আগষ্ট: ৰেচন কাৰ্ড সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ ৷ ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হোৱা পৰিয়ালবোৰক প্ৰদান কৰা হ’ব ৰেচন কাৰ্ড ৷ শিলচৰত এই কথা জনাইছে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । 

বুধবাৰে শিলচৰত উপস্থিত হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয়, "ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ডৰ বিষয়ে অৱগত হৈছে চৰকাৰ ৷ এতিয়ালৈ 50 লাখ ৰেচন কাৰ্ড যোগান বিভাগে বাতিল কৰিছে ৷ আনহাতে, ৰেচন কাৰ্ড লাভৰ পৰা বঞ্চিত হোৱা লোকসকলক প্ৰদান কৰা হ’ব ৰেচন কাৰ্ড ৷" 

যোগান মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "অপাৰেটৰৰ ভুলৰ বাবে ৰেচন কাৰ্ডত ৰাজ্যৰ বহু পৰিয়ালৰ সদস্য অন্তৰ্ভুক্তিত বিসংগতি হৈছে ৷ পৰিয়ালৰ সকলো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ৷ বিষয়টো চৰকাৰৰ নজৰত পৰিছে ৷ খুব সোনকালে এইসকলৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব ৰেচন কাৰ্ডত ৷"

ইতিমধ্যে জিলা আয়ুক্তসকলক এই সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্রী আৰু তেওঁৰ আহ্বানত ৰাজ্যত 10 লাখ বিত্তবান লোকে ৰেচন কাৰ্ড প্ৰত্যাহাৰ কৰিছে ৷ মুঠ 50 লাখ ৰেচন কাৰ্ড বাতিল কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায় ৷ 

এতিয়া ৰাজ্যত ৰেচন কাৰ্ডৰ মুঠ সংখ্যা 6,625,917 বুলি জনাই মন্ত্ৰীগৰাকীয়ে । 

লগতে পঢ়ক: বিনামূলীয়া চাউল বিতৰণৰ সলনি বিক্ৰী হয় ক’লা বজাৰত: সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ - ALLEGATION OF PDS RICE CORRUPTION

শীঘ্ৰে ৰেচনকাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব ইঞ্চুৰেঞ্চ আৰু অৰুণোদয় সুবিধা: হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.