ই-ৰিক্সা চালকক চৰ শোধাই ৰিজাৰ্ভ ক্ল'জ হ’ল আৰক্ষী কনিষ্টবল - reserve closed to police constable - RESERVE CLOSED TO POLICE CONSTABLE

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 7:59 AM IST

নগাঁও, 10 এপ্ৰিল: ই-ৰিক্সা চালকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন অসম আৰক্ষীৰ ৷ মঙলবাৰৰ সন্ধিয়া এগৰাকী ই-ৰিক্সা চালকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰি শাস্তিৰ সন্মুখীন হ'ল অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল। মঙলবাৰৰ সন্ধিয়া নগাঁও সদৰ আৰক্ষী থানাৰ সমুখতেই এজন ই-ৰিক্সা চালকক সামান্য ভুলৰ বাবেই যান-বাহন শাখাৰ এগৰাকী কনিষ্টবলে প্ৰচণ্ড জোৰে শোধাইছিল চৰ । 

যান-বাহন শাখাৰ কনিষ্টবল জিতুমণি হাজৰীকাই ই-ৰিক্সা চালকক চৰ শোধোৱাৰ দৃশ্য বন্দী হৈছিল এজন লোকৰ মোবাইলত । ইয়াৰ পাচতে বিষয়টো সন্দৰ্ভত অৱগত হৈছিল নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা । নিশাৰ ভিতৰতেই যান-বাহন শাখাৰ কনিষ্টবলগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । ই ৰিক্সা-চালকক প্ৰহাৰ কৰা যান-বাহন শাখাৰ কনিষ্টবল জিতুমণি হাজৰীকাক নিশাই ৰিজাৰ্ভ ক্ল'জ কৰাৰ নিৰ্দেশ দিয়ে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।  

লগতে পঢ়ক: অপৰাধ নিয়ন্ত্রণ নহ’লেও বৃদ্ধি পাইছে অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ - Conviction rate in Assam rises

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.