চিলাপথাৰত ৭ বছৰীয়া কন্যা শিশুৰ ৰহস্যজনক মৃত্যু
🎬 Watch Now: Feature Video
Published : Feb 14, 2024, 10:53 PM IST
জোনাই, ১৪ ফেব্ৰুৱাৰী : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলী গাঁৱত এটি ৭ বছৰীয়া কণমানি কন্যা শিশুৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে মঙলবাৰে আবেলি প্ৰায় ১-৩০ বজাত চিলাপথাৰ গেলুৱাৰ দীঘলী গাঁৱৰ নিবাসী ভোগেশ্বৰ দলেৰ সাত বছৰীয়া কন্যাই ৰহস্যজনকভাৱে চিপ লৈ আত্মহত্যা কৰা অৱস্থাত উদ্ধাৰ কৰে ।
ঘটনাৰ পিচতে স্থানীয় ৰাইজে চিলাপথাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কণমানি কিশোৰীগৰাকীক আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে ঘটনা সন্দৰ্ভত এটি সাত বছৰীয়া শিশুটিয়ে কেনেকৈ চিপ লৈ আত্মহত্যা কৰিব পাৰে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰি এয়া পৰিকল্পিতভাবে পৰিয়ালৰ লোকে হত্যা কৰা বুলি সন্দেহ কৰিছে ।
সমগ্ৰ ঘটনাটো পৰিয়ালৰ লোকে গাপ দিয়াৰ চেষ্টা কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি অতিশীঘ্ৰে আৰক্ষী-প্ৰশাসনে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ লগতে শিশুটিৰ ন্যায় বিচাৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: ভূত বাংলোত পৰিণত ধেমাজি পলিটেকনিক কলেজৰ ছাত্ৰী নিবাস