ট্রেডিঙৰ জৰিয়তে মানুহক প্ৰবঞ্চনা কৰি কোনো সাৰি যাব নোৱাৰে: পীযুষ হাজৰীকা - Minister Pijush Hazarika

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:48 PM IST

thumbnail
প্ৰবঞ্চনা কৰি কোনো সাৰি যাব নোৱাৰে (ETV Bharat Assam)

ধিং,১২ চেপ্টেম্বৰ: বিতৰ্কৰ উৰ্দ্ধত থকা চুমী বৰা আৰু তাৰ্কিক বৰাৰ প্ৰসংগত মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ । বৃহস্পতিবাৰে মৰিগাঁৱৰ মাণিকপুৰত এক দলীয় সভাত অংশগ্ৰহণ কৰি অনলাইন ট্ৰেডিং প্ৰসংগতো আগবঢ়াই প্ৰতিক্ৰিয়া । মন্ত্ৰীগৰাকীয়ে কয়,"আইনে নিজৰ সক্ৰিয়তাৰে এই ব্যৱস্থাটোক কঠোৰ কৰিব । চৰকাৰো এইক্ষেত্ৰত বহি নাথাকে । কোনোৱেই ট্রেডিং কৰি মানুহক প্ৰবঞ্চনা কৰি সাৰি যাব নোৱাৰে । অনলাইন ট্ৰেডিঙৰ লগত জড়িত সকলো গ্ৰেপ্তাৰ হ'ব । কাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এই ক্ষেত্ৰত অধিক কঠোৰ হৈছে । "

ইফালে বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কৰা এটা প'ষ্টৰ সন্দৰ্ভত কংগ্ৰেছক সমালোচনা কৰি কয়,"কোনোবাই ক'ব পাৰিবনে, কংগ্ৰেছ ইক'ছীষ্টেমে কিয় দোষী নেপাললৈ পলাই গুচি গ'ল বুলি দাবী কৰি তদন্তক বিপথে পৰিচালিত কৰিব খুজিছিল, ৰাইজৰ মাজত ভুল বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল ? কংগ্ৰেছৰ ষড়যন্ত্ৰ বিফল হৈছে ।" আনহাতে চুমী বৰা-বিশাল ফুকন ৰাজসাক্ষী হ'ব নেকি বুলি সোধা এক প্ৰশ্ন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে "একো নাজানো আৰু ট্ৰেডিঙৰ সৈতে প্ৰৱঞ্চনা কৰা এজনো দোষীক সাৰি যাবলৈ দিয়া নহ'ব" বুলি মন্তব্য কৰে । 

লগতে পঢ়ক: খেলা খতম ! চুমীৰ আত্মসমৰ্পণক লৈ ডিজিপিৰ ভাষ্যত সন্দেহ প্ৰকাশ দেৱব্ৰত শইকীয়াৰ - Assam Investment Scam

ভুৱা বাতৰিৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিব ফটোগ্ৰাফাৰ ৰিংকু ৰঞ্জন শইকীয়া - Photographer Tarkik Borah

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.