মেঘালয় টুৰিষ্ট টেক্সি চালকৰ পথ অৱৰোধ : চেৰাপুঞ্জীত আৱদ্ধ অসমৰ শ শ পৰ্যটক - Meghalaya taxi driver protest

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 7:05 PM IST

thumbnail
মেঘালয় টুৰিষ্ট টেক্সি চালকৰ পথ অৱৰোধ (ETV Bharat)

গুৱাহাটী,২৬ জুলাই : শেহতীয়াকৈ বিভিন্ন দাবীৰে মেঘালয় টুৰিষ্ট টেক্সি চালক সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ অংশ হিচাপে শুকুৰবাৰে পুনৰ চেৰাপুঞ্জী-মাওলিননং পথ অৱৰোধ কৰে চালক সন্থাই । অসমৰ টুৰিষ্ট টেক্সি তথা পৰ্যটকক চেৰাপুঞ্জী, মাওলিননং প্ৰৱেশত বাধা দিয়ে মেঘালয় টুৰিষ্ট টেক্সি চালক সন্থাই । সন্থাই দুপৰীয়া ১২ বজাৰ পৰা প্ৰায় আধা ঘণ্টা ধৰি পথ বন্ধ কৰি ৰাখে । যাৰ ফলত অসমৰ শ শ পৰ্যটক আৱদ্ধ হৈ পৰে ।

অৱশ্যে পৰৱৰ্তী সময়ত মেঘালয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মেঘালয় টুৰিষ্ট টেক্সি চালক সন্থাৰ বিষয়ববীয়াক আটক কৰে । উল্লেখ্য যে মেঘালয় টুৰিষ্ট টেক্সি চালক সন্থাই মেঘালয়ৰ পর্যটনস্থলীলৈ অসমৰ টেক্সি চলাচল নিষিদ্ধকৰণৰ দাবী জনাই আহিছিল । কিন্তু মেঘালয় চৰকাৰে এই দাবী মানি লোৱা নাই । ইয়াৰ পিচতে মেঘালয় টুৰিষ্ট টেক্সি চালক সন্থাই প্ৰতিবাদস্বৰূপে শুকুৰবাৰে পুনৰ অসমৰ বাহনসমূহক চেৰাপুঞ্জীত প্ৰৱেশত বাধা দিয়ে ।

লগতে পঢ়ক :মেঘালয়লৈ অসমৰ পৰ্যটক টেক্সি চলাচলত কোনো বাধা নাই - Meghalaya government

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.