গাড়ী ডিলাৰত ভয়াৱহ অগ্নিকাণ্ড: বিস্তৰ ক্ষয়-ক্ষতি - Fire breaks out in Lakhimpur

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 9:17 AM IST

thumbnail
গাড়ী ডীলাৰত ভয়াৱহ অগ্নিকাণ্ড: বিস্তৰ ক্ষয়-ক্ষতি (ETV Bharat Assam)

লখিমপুৰ, 31 জুলাই: লখিমপুৰৰ নাওবৈচাত মঙলবাৰৰৰ নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয় নাওবৈচা লথৌস্থিত বিশ্বনাথ অশোক মহেন্দ্ৰ ডিলাৰত । নিশা প্ৰায় 10.30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । চাৰিখন নতুন গাড়ীসহ বহু পৰিমাণৰ গাড়ীৰ যন্ত্র-পাতি জাহ যায় বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডত ডিলাৰটো মূল গৃহ ভস্মীভূত হয় । 

ডিলাৰটোত প্ৰায় সহস্ৰাধিক বিভিন্ন মডেলৰ নতুন গাড়ী মজুত ৰাখিছিল বুলি জানিব পৰা গৈছে । অতি ভয়াৱহ ৰূপ ধাৰণ কৰা এই অগ্নিকাণ্ডটো নিয়ন্ত্রণ কৰিবলৈ প্ৰায় চাৰিঘন্টামান সময়ৰ প্ৰয়োজন হয় । লখিমপুৰ সদৰৰ পৰা কেবাখনো গাড়ীসহ অগ্নিনিৰ্বাপক বাহিনী আহি নিশা প্ৰায় 1 বজাত কোনোমতে জুই নুমুৱাবলৈ সক্ষম হয় । 

উল্লেখ্য যে, ডিলাৰৰ ভিতৰত থকা গাড়ীৰ ইন্ধন, ম’বিল আদিৰ বাবে অগ্নিকাণ্ডটোৱে ভয়াৱহ ৰূপ ধাৰণ কৰে । বৈদ্যুতিক শ্বৰ্ট চার্কিটৰ ফলতেই এই অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে । 

লগতে পঢ়ক: তেজপুৰত চলন্ত বাহনত অগ্নিকাণ্ড : কথমপি ৰক্ষা পৰিল যাত্ৰী - Car Catches Fire

ঢেকীয়াজুলিত কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ডৰ ঘটনা - Massive Fire Breaks Out

গেছ চিলিণ্ডাৰত লিকেজ : অগ্নিকাণ্ডৰ ফলত ৭ জন লোক অগ্নিদগ্ধ, 3 জনৰ মৃত্যু - FIRE INCIDENT

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.