ধাৰলৈ দিয়া টকা ঘূৰাই নাপাই হৃদক্ৰিয়া বন্ধ হৈ এজনৰ মৃত্যু - man Death due to cardiac arrest

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 3:23 PM IST

thumbnail
ধাৰৰ টকা ঘূৰাই নাপাই হৃদক্ৰিয়া বন্ধ হৈ লোকৰ মৃত্যু (ETV BHARAT ASSAM)

ধুবুৰী, 21 জুন : ধাৰলৈ দিয়া টকা ঘূৰাই নাপাই ধুবুৰীৰ এজন ব্যৱসায়ীৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটাৰ ঘটনা পোহৰলৈ আহিছে ৷ অভিযোগ অনুসৰি, ধুবুৰী চহৰৰ 15 নং ৱাৰ্ডৰ নিতু ৰায় নামৰ লোকজনে 14 নং ৱাৰ্ডৰ ঘোষপাৰা অঞ্চলৰ প্ৰকাশ ঘোষৰ পৰা বিগত বৰ্ষত 6 লাখ 70 হাজাৰ টকা ধাৰে লয় ।

কিন্তু টকাখিনি এটা সময়ত নিতু ৰায়ে আদায় নিদিয়াত চিন্তিত হৈ পৰে প্ৰকাশ ঘোষ । লোকজনে দীৰ্ঘদিন ধৰি নিতুক টকাখিনি ঘূৰাই বিচাৰে যদিও নিতুৱে টকাখিনি ঘূৰাই নিদিয়াত চিন্তাত ভাগি পৰে লোকজন ৷ 

এই ঘটনা সহ্য কৰিব নোৱাৰি প্ৰকাশ ঘোষে অৱশেষত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ধুবুৰী সদৰ আৰক্ষী থানাত প্ৰকাশ ঘোষৰ পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছে ৷

স্বামীহাৰা পত্নীয়ে আৰক্ষী থানাত উপস্থিত হৈ কান্দোনত ভাগি পৰে । তেওঁৰ স্বামীয়ে দিয়া টকাখিনি ঘূৰাই পোৱাৰ ক্ষেত্ৰত পত্নী আৰু প্ৰকাশ ঘোষৰ ভগ্নীয়ে এতিয়া আৰক্ষীৰ সহায় বিচাৰিছে ৷

লগতে পঢ়ক: হিট্ এণ্ড ৰাণ : যোৰহাটৰ শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে - HIT AND RUN CASE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.