চিৰাঙত মেলেৰীয়া আক্ৰান্তৰ সংখ্যা ৪০৬ লৈ বৃদ্ধি - MALARIA CASES IN ASSAM

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 8:23 AM IST

চিৰাং : ক্ৰমাৎ চিৰাঙত বৃদ্ধি পাইছে মেলেৰীয়া ৰোগীৰ সংখ্যা । শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, জিলাখনত মেলেৰীয়া ৰোগীৰ সংখ্যা ৪০৬ জনলৈ বৃদ্ধি পাইছে । নিতৌ ৬ ৰ পৰা ১০ জনৰ শৰীৰত ধৰা পৰিছে মেলেৰীয়া ৰোগৰ উপস্থিতি । জিলাখনৰ দুটা স্বাস্থ্যখণ্ড ক্ৰমে চিদলী আৰু বল্লামগুৰিত এই ৰোগৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

বৃহস্পতিবাৰে চিৰাং জিলা মেলেৰীয়া পৰামৰ্শদাতা (Consultant) ডাঃ গায়েত্ৰী শৰ্মা বৰুৱাই উল্লেখ কৰা অনুসৰি জিলাখনত কালিৰ দিনটোলৈকে ৪০৬ জন মেলেৰীয়া ৰোগী চিনাক্ত কৰা হৈছে । ইয়াৰে চিদলী স্বাস্থ্যখণ্ডত ২৮৭ জনৰ শৰীৰত মেলেৰীয়া ধৰা পৰিছে ৷ বিশেষকৈ কোকৰাঝাৰ আৰু ভূটান সীমান্ত অঞ্চলত মেলেৰীয়া ৰোগীৰ সংখ্যা অধিক পোৱা গৈছে ।

ইয়াৰোপৰি বল্লামগুৰি স্বাস্থ্যখণ্ডৰ অধীনত ১১৯ গৰাকী মেলেৰীয়া ৰোগী চিনাক্ত হৈছে । বিভাগীয়ভাৱে মেলেৰীয়া ৰোধৰ বাবে সজাগতা সভাকে আদি কৰি ঔষধ আৰু আঠুৱা বিতৰণ কৰা হৈছে ৷ এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে ডাঃ বৰুৱাই  । তেওঁ লগতে উল্লেখ কৰা মতে, বিশেষকৈ অতিকে দৰিদ্ৰ শ্ৰেণীৰ লোক এই ৰোগত অধিক আক্ৰান্ত হৈছে ।

ইপিনে মেলেৰীয়া আক্ৰান্ত অঞ্চলত বিভাগীয়ভাৱে আঁঠুৱা বিতৰণ কৰিছে যদিও বহু অসচেতন লোকে এই আঁঠুৱাবোৰ মাছ ধৰা, বিচনাৰ তুলী বা তোচক আদি বনাই ব্যৱহাৰ কৰা দেখা গৈছে ৷ ইতিমধ্যে মেলেৰীয়া অধ্যুষিত অঞ্চলত বিভাগীয়ভাৱে ধোঁৱা দিয়াৰ কামো আৰম্ভ কৰিছে ।

ডাঃ গায়েত্ৰী শৰ্মা বৰুৱাই উল্লেখ কৰা মতে, কোকৰাঝাৰ জিলাৰ লুংচুং আদি ঠাইত মেলেৰীয়া ৰোগীৰ সংখ্যা অধিক হৈছে । উক্ত ঠাইৰ পৰা অহা-যোৱা কৰা লোকৰ পৰা মেলেৰীয়া ৰোগ বিয়পিছে বুলিও সন্দেহ ব্যক্ত কৰিছে ডাঃ বৰুৱাই ।

লগতে পঢ়ক : আপোনাৰ ঘৰতে উপলব্ধ এই সেউজীয়া পাতবোৰৰ ব্যৱহাৰ কৰক, পলাই পত্ৰং দিব ডেংগু-মেলেৰিয়া - Dengue and Malaria

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.