মৰাণৰ ৰশ্মিৰেখা গগৈলৈ জিলা ভিত্তিক লোক সেৱা বঁটা - Lok Sewa Award 2024 - LOK SEWA AWARD 2024
🎬 Watch Now: Feature Video


Published : Aug 5, 2024, 12:34 PM IST
মৰাণ, ৫ আগষ্ট: অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ভাৰতৰত্ন, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে ‘‘লোক কল্যাণ দিৱস’’ ৷ এই দিৱস উপলক্ষে অসমৰ প্ৰশাসনিক সেৱাত নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই অহা ৰাজ্যৰ প্ৰশাসনিক বিষয়া-কৰ্মচাৰীক প্ৰতিবছৰে আগবঢ়াই অহা হৈছে লোক সেৱা পুৰস্কাৰ ৷
চলিত বৰ্ষতো ৰাজ্যৰ ১০ গৰাকী প্ৰশাসনিক বিষয়া-কৰ্মচাৰীক ৰাজ্যিক ভিত্তিত আৰু ৩৭ গৰাকী প্ৰশাসনিক বিষয়া-কৰ্মচাৰীক জিলা ভিত্তিক লোক সেৱা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ চৰাইদেউ জিলা ভিত্তিক এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে মৰাণৰ চেঁচাপুখুৰী গাঁৱৰ নিবাসী ৰশ্মিৰেখা গগৈ ৷
চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক হিচাপে কৰ্মৰত ৰশ্মিৰেখা গগৈয়ে এই বঁটা লাভ কৰি মৰাণলৈ সুনাম কঢ়িয়াই আনিছে ৷ বৰ্তমান চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক হিচাপে কৰ্মৰত ।