বন্য়াৰ্তৰ হাহাকাৰ : অচিন ৰোগত আক্ৰান্ত পশুধন, কাণসাৰ নাই বিভাগৰ - Assam flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 8:51 PM IST

টীয়ক, 14 জুলাই : ৰাজ্যত বান বিভীষিকা কিছু কমিছে যদিও এতিয়াও হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্তই ৷ বলিয়া বানত ঘৰ-বাৰী, শস্য পথাৰৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বানাক্ৰান্তৰ পশুধনৰো হানি হয় ৷ টীয়কৰ জাঁজীমুখৰ চাপৰি অঞ্চলৰ ৰাইজৰ বহু পশুধন বানত উটি গ'ল, বাঢ়নী পানীত বহু পশুধনৰ মৃত্যু হ'ল ৷ কিন্তু এতিয়া বাঢ়নী পানী শুকুৱাৰ পাচত ভোটৰ ওপৰত দানহ পৰাদি পশুধনসমূহ আক্ৰান্ত হৈছে অচিন ৰোগত ৷

পশুপালক তথা স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই সন্দৰ্ভত পশু পালন বিভাগক খবৰ দিয়া হৈছে যদিও আজিও চিকিৎসক আহি উপস্থিত নহ’ল ৷ ইফালে খাদ্য সংকটতো বহু পশুধনৰ মৃত্যু হোৱাৰ উপক্ৰম ঘটিছে বুলি ৰাইজে মন্তব্য কৰিছে ৷ সেয়েহে জিলা প্ৰশাসনৰ অমনোযোগিতাৰ বিৰুদ্ধে পশু পালকসকলে ক্ষোভ উজাৰি অনতি পলমে ইয়াৰ এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷ লগতে জাঁজীমুখ অঞ্চলত পূৰ্বে থকা পশু চিকিৎসালয়খন পুনৰ সংস্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজে ৷ 

লগতে পঢ়ক : তিতাবৰৰ কৃষি পথাৰত ঘূৰ্ণি বতাহৰ বিৰল দৃশ্য় - Cyclone Viral Video

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.