শোৱনি কোঠাত সোমাল বনৰজা: উপায়হীন গৃহস্থই এৰিলে ঘৰ - Leopard terror in mariani

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 12:55 PM IST

thumbnail
বনৰজাৰ আৰাম (ETV Bharat Assam)

যোৰহাট, 20 জুন : এইবাৰ হাবি, মানুহৰ ঘৰৰ-বাৰী এৰি বনৰজা সোমালগৈ শোৱনি কোঠাত ৷ গৃহস্থ অবাক, কৰিব কি ? উপায়বিহীন হৈ বিচাৰি ল’লেগৈ নিৰাপদ স্থান ৷ উজনি-নামনি সৰ্বত্ৰ ধাৰাষাৰ বৰষুণৰ ফলত প্লাৱিত হৈছে বহু অঞ্চল আৰু বৰষুণ সৃষ্ট বাঢ়নী পানীয়ে মানৱ জাতিৰ লগতে বন্যজন্তুৰ মাজতো হাহাকাৰ সৃষ্টি কৰিছে । এনে সময়তে মৰিয়নীৰ বাহনি চাহ-বাগিচা অঞ্চলত ঘটে এক অভাৱনীয় ঘটনা । প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ বাহনি চাহ-বাগিচাৰ এজন ব্যক্তিৰ শুৱনি কোঠাত আশ্ৰয় ল’লে বনৰজাই । তাকে দেখি গৃহস্থই নিৰাপদ স্থানত আশ্ৰয় লয় ।

বনৰজাই শুৱনি কোঠাত আশ্ৰয় লোৱা খবৰ চাহ-বাগিচাৰ বিভিন্ন প্ৰান্তত বিয়পি পৰাৰ লগে লগে ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । ইতিমধ্যে এই সম্পৰ্কে বাগিচা কৰ্তৃপক্ষই মৰিয়নী বন-বিভাগক অৱগত কৰিছে যদিও বাতৰি যুগুত কৰা পৰলৈকে বন-বিভাগৰ লোক উক্ত স্থানত উপস্থিত হোৱা নাই । বিগত সপ্তাহৰ শনিবাৰৰ পৰা মৰিয়নী বাহনি চাহ-বাগিচাৰ ১৩নং আৰু ১৪নং লাইনত এটা নাহৰফুটুকী বাঘে বিচৰণ কৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু উক্ত বাঘটোৱেই আজি ব্যক্তিজনৰ ঘৰত আশ্ৰয় লৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে সকলোৱে ৷

লগতে পঢ়ক : মৰিয়নীত নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংক - Leopard scare in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.