জালনোট বনোৱা মেচিনসহ লখিমপুৰ আৰক্ষীৰ জালত দুই যুৱক - Fake currency making machine

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 12:42 PM IST

thumbnail
জালনোট বনোৱা মেচিনসহ লখিমপুৰ আৰক্ষীৰ জালত দুই যুৱক (ETV Bharat Assam)

লখিমপুৰ, ১ আগষ্ট : চৰকাৰ অথবা আৰক্ষী বিভাগ যিমান কঠোৰ হ’লেও লখিমপুৰত থমকি ৰোৱা নাই অবৈধ বেহা । আজিও জিলাখনত নকল সোণ, জাল নোট, ড্ৰাগছ আদিৰ বেহা চলিয়েই আছে ৷ শেহতীয়াকৈ লখিমপুৰত উদ্ধাৰ হৈছে জালনোট বনোৱা মেচিন ।

তথ্য অনুসৰি, বুধবাৰে বিয়লি জিলাখনৰ লালুকৰ পৰা এটা জালনোট বনোৱা মেচিনৰ লগতে দুই যুৱকক আটক কৰে আৰক্ষীয়ে । লখিমপুৰ নগৰৰ পৰা লালুকলৈ মেচিনটো বিক্ৰী কৰিবলৈ আহিছিল ধৃত দুই যুৱকে । বহিঃৰাজ্যৰ লোকক মেচিন বিক্ৰী কৰিবলৈ যো-জা কৰোতেই হাতে-লোটে দুই যুৱকক আটক কৰে আৰক্ষীয়ে । আৰক্ষীৰ জালত পৰা ধৃত দুই যুৱক ক্ৰমে লখিমপুৰ নগৰৰ কে বি ৰোডৰ সহৰ আলী আৰু লালুক এলেকাৰ ধৰ্মপুৰ ব্লকৰ কামাল উদ্দিন বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক : জালনোটসহ আটক বঙালমৰাৰ মহিলা : নকল 500 টকীয়া নোটৰ বহুলাখ টকা জব্দ - Fake Indian currency note

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.