গৱেষণাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা টীয়কৰ জেহিদুলৰ জলপানি লাভ - Scholarship from the United States - SCHOLARSHIP FROM THE UNITED STATES
🎬 Watch Now: Feature Video
Published : Jun 17, 2024, 4:26 PM IST
টীয়ক, 17 জুন: মূল্যবৃদ্ধি, অভাৱ, অনাটন আদিৰ দৰে নেতিবাচক খবৰসমূহৰ মাজতে টীয়কলৈ আহিছে এটি সুখবৰ ৷ যি খবৰে টীয়কবাসীক সমগ্ৰ অসমৰ আগত গৌৰৱ কৰাৰ থল দিছে ৷ এই খবৰ কঢ়িয়াই আনিছে টীয়কৰ বাসিন্দা জেহিদুল হুছেইন নামৰ ছাত্ৰগৰাকীয়ে ৷
অত্যন্ত মেধাসম্পন্ন ছাত্ৰগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পোষ্ট ডক্টৰেট ৰিচাৰ্ছ কৰাৰ বাবে জলপানি লাভ কৰি নিৰ্বাচিত হৈছে ৷ সোমবাৰে ঈদৰ দিনটোতে এই খবৰ অহাত স্বাভাৱিকতে ইছলামধৰ্মী পৰিয়ালটোলৈ বৈছে আনন্দৰ বন্যা ৷ জেহিদুলেই হৈছে অসমৰ পৰা এই সুবিধা লাভ কৰা একমাত্ৰ ছাত্ৰ, যিয়ে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷
এই খবৰ লাভৰ লগে লগে আত্মীয় স্বজন, ওচৰ-চুবুৰীয়াৰে ছাত্ৰগৰাকীৰ বাসগৃহ ভৰি পৰে ৷ উচ্চতৰ মাধ্যমিক পৰ্যন্ত যোৰহাটতে অধ্যয়ন কৰি পৰৱৰ্তী পৰ্যায়ত Wild Life Science বিষয়ত প্ৰায় ২৩ টা বাঘৰ গতি বিধি আচৰণৰ ওপৰত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰীও লাভ কৰে জেহিদুলে ৷
এইগৰাকী ছাত্ৰই আগন্তুক দুটা বছৰ জীৱ-জন্তুৰ দেহত থকা মহামাৰী কৰ’ণা ভাইৰাছ মানৱদেহলৈ কেনেদৰে সংক্ৰমণ ঘটিব পাৰে, সেই সন্দৰ্ভত কৰিব গৱেষণা ৷ এই গৱেষণাৰ দ্বাৰা মানৱ সমাজত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব বুলি ছাত্ৰগৰাকীৰ লগতে পৰিয়ালৰ লোকে আশা প্ৰকাশ কৰে ৷