thumbnail

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 8:41 PM IST

ETV Bharat / Videos

নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত আন্তর্জাতিক যোগ দিৱস - International Yoga Day 2024

গুৱাহাটী, ২১ জুন: আজি আন্তর্জাতিক যোগ দিৱস ৷ সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে দশম সংখ্যক আন্তর্জাতিক যোগ দিৱস ৷ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো পালন কৰা হয় এই যোগ দিৱস । সৰুসজাইৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত আন্তর্জাতিক যোগ দিৱস প্ৰথম অসম পুলিচ বেটেলিয়ন আৰু এন চি চিৰ উদ্য়োগত আয়োজন কৰা হয় ।  

এই যোগ দিৱসৰ কাৰ্যসূচীত কেইবাখনো বিদ্যালয় আৰু মহাবিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই । তেওঁ যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰি যোগৰ জৰিয়তে সকলোকে এটা সুস্থ সৱল জীৱন যাপন কৰিবলৈ আহ্বান জনায় । আনহাতে, বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়তো অনুষ্ঠিত হয় যোগ দিৱসৰ কাৰ্যসূচী । এই যোগ দিৱসত উপস্থিত থাকে সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে দলীয় নেতা কৰ্মীসকল ।

লগতে পঢ়ক:ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তর্জাতিক যোগ দিৱস পালন - INTERNATION YOGA DAY 2024

তেজপুৰত যোগ দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ - International Yoga Day 2024

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.