মাতাল স্বামীৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পত্নী - Attempt to murder

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 9:36 PM IST

thumbnail
বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা (ETV Bharat Assam)

গুৱাহাটী, ১৪ জুন : মহানগৰীৰ বামুনীমৈদামৰ কৈলাশ নগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । উদণ্ড স্বামীয়ে দাৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায় নিজ পত্নীক । দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নী বিজয়া দেৱীক পিচত স্থানীয় ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি GMCH লৈ প্ৰেৰণ কৰা হয় । 

জানিব পৰামতে শুকুৰবাৰে বিয়লি প্ৰায় ৪ মান বজাত কৈলাশনগৰস্থিত নিজ বাসগৃহত সুৰাৰ ৰাগীত মতলীয়া স্বামী অমৰেন্দ্ৰ শৰ্মাই সাধাৰণ কথাক লৈ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় ৷ তাৰ পিচত খঙৰ ভমকত স্বামী অমৰেন্দ্ৰ শৰ্মাই এখন দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে পত্নীক । মাতাল স্বামীয়ে পত্নীৰ শৰীৰৰ প্ৰায় ৪/৫ টা স্থানত দাৰে ঘপিয়ায় ৷

ঘটনা সংঘটিত কৰি পলায়ন কৰে স্বামী অমৰেন্দ্ৰ শৰ্মাই । পিচত স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত বিজয়া দেৱীক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায় । ইফালে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত চান্দমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে সুৰাপান কৰি প্ৰায়ে পৰিয়ালৰ সৈতে কাজিয়াত লিপ্ত হৈছিল অমৰেন্দ্ৰ শৰ্মা । আনকি উদণ্ড স্বভাৱৰ অমৰেন্দ্ৰ শৰ্মাৰ অত্যাচাৰত ঘৰ এৰি ছয় বছৰ পূৰ্বে ওলাই গৈছিল তেওঁৰ পুত্ৰ আৰু বোৱাৰী ৷

লগতে পঢ়ক: ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ: 52 বছৰীয়া ব্যক্তিক হানি-খুঁচি হত্যা কৰি পেলাই দিলে দলঙৰ তলত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.