স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লামডিঙত উদ্ধাৰ পাঁচটাকৈ হস্তনিৰ্মিত বন্দুক : তদন্ত অব্যাহত - Guns recovered in Lumding - GUNS RECOVERED IN LUMDING
🎬 Watch Now: Feature Video


Published : Aug 3, 2024, 6:59 AM IST
হোজাই, 3 আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাট সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল হোজাই জিলা । হোজাইৰ নখুটিত শুকুৰবাৰৰ নিশা জিলাখনৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লব তামুলীৰ নেতৃত্বত চলে এক অভিযান । নখুটিৰ নিকটৱৰ্তী লামডিং সংৰক্ষিত বনাঞ্চলত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰৰ নিশা চলায় এই বৃহৎ অভিযান । এই অভিযানত আৰক্ষীয়ে লামডিং বনাঞ্চলত উদ্ধাৰ কৰিবলৈ সক্ষম হয় পাঁচটাকৈ হস্তনিৰ্মিত বন্দুক ।
আৰক্ষীয়ে হস্তনিৰ্মিত বন্দুকৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কেবাজাঁই সজীব গুলী । কূটাঘাট সংঘটিত কৰাৰ উদ্দেশ্যেৰে দুষ্কৃতিকাৰীয়ে লামডিং বনাঞ্চলত বন্দুক লুকুৱাই ৰাখিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।