বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ চলি থাকিলে অসমত বাংলাদেশীৰ ওপৰত হ'ব আক্ৰমণ : হুংকাৰ হিন্দু ক্ৰান্তি দলৰ - Protest in Dibrugarh

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:50 PM IST

thumbnail
ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ হিন্দু ক্ৰান্তি দলৰ (ETV Bharat Assam)

ডিব্ৰুগড়, 9 আগষ্ট : বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে বিশ্বজুৰি একপ্ৰকাৰ জোকাৰণিৰ সৃষ্টি কৰিছে ৷ দেশখনত হোৱা হিংসাত্মক আন্দোলনৰ প্ৰভাৱ চুবুৰীয়া দেশ ভাৰতবৰ্ষতো পৰা পৰিলক্ষিত হৈছে ৷ বাংলাদেশত হোৱা হিংসাত্মক আন্দোলনত ইতিমধ্যে শ শ লোকে প্ৰাণ হেৰুওৱাৰ লগতে অভিযোগ অনুসৰি বহু হিন্দু লোক নিৰ্যাতনৰ সন্মুখীন হৈছে ৷  

বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকক অত্যাচাৰ কৰাৰ অভিযোগত ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু ক্ৰান্তি দলে ৷ ডিব্ৰুগড় চহৰৰ পুৰণি ৰে'লৱে ষ্টেচনৰ পৰা হিন্দু ক্ৰান্তি দলে এক বিশাল প্ৰতিবাদী ৰেলী বাহিৰ কৰে ৷ আৰ কে বি পথেৰে আহি প্ৰতিবাদকাৰীসকলে চহৰৰ থানা চাৰিআলিত মৌলবাদী সংগঠনৰ প্ৰতিকৃতি দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিবলৈ চেষ্টা চলাওঁতে উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় ৷

হিন্দু ক্ৰান্তি দলৰ উপদেষ্টা ডাঃ সিদ্ধাৰ্থ শৰ্মা, সভাপতি প্ৰকাশ ৰায়ৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণ সহ্য কৰা নহ'ব বুলি মন্তব্য কৰে ৷ বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ চলি থাকিলে অসমত বাংলাদেশীৰ ওপৰত আক্ৰমণ হ’ব বুলি প্ৰতিবাদৰ জৰিয়তে হুংকাৰ দিয়ে হিন্দু ক্ৰান্তি দলে ৷ লগতে বাংলাদেশত থকা হিন্দু সকলক নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰলৈ আহ্বান জনায় সংগঠনটোৱে ৷ 

লগতে পঢ়ক : অসমত জিলাই জিলাই ক্ষুদ্ৰ বাংলাদেশ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্বিগ্নতা - HIMANTA BISWA SARMA

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.