ঈদ উল আজহাত হিন্দু-মুছলমানে একেলগে পৰিৱেশন কৰিলে জিকিৰ - Eid al Adha 2024 - EID AL ADHA 2024
🎬 Watch Now: Feature Video


Published : Jun 17, 2024, 10:43 AM IST
যোৰহাট, ১৭ জুন: আজি ঈদ উল আজহা । বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হৈছে ঈদ উল আজহা । যোৰহাটত ঈদ উল আজহাত হিন্দু আৰু মুছলমানে বিলালে সম্বন্ধয়ৰ বাৰ্তা । আধ্যাত্মিক বাৰ্তাৰে শিল্পী নেকিৱ আহমেদ আৰু সংগীবৃন্দই পৰিৱেশন কৰিলে জিকিৰ ।
সমগ্ৰ দেশৰ লগতে যোৰহাটতো সোমবাৰে বৰষুণকো নেওচি ইছলামধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে ত্যাগৰ উৎসৱ ঈদ উল আজহা । ঈদগাহ, মছজিদ আদিত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশ্ব শান্তিৰ বাবে সমূহীয়াকৈ নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰে । ঈদৰ নামাজৰ পাছতে যোৰহাটৰ সাংবাদিক তথা প্ৰতিষ্ঠিত শিল্পী নেকিব আহমেদৰ লগতে সহশিল্পী সকলে আধ্যাত্মিক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে নগৰৰ আচিয়ানা ভৱনত এখনি জিকিৰ মজলিছ অনুষ্ঠিত কৰে ।
জিকিৰ শিল্পী নেকিব আহমেদক এই পৰিৱেশনত সহযোগ কৰে হেমন্ত হাজৰিকা, যোগেন বৰা, বেদব্ৰত দত্ত, পূজা বৰা, দিপামণি দত্ত, চফীয়া খাতুন, তছলিমা বেগম হাজৰিকা, ছামিম ৰফিকা ৰহমান আৰু মুখলিছা ফাৰহানা ৰহমানে ।