মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিৰ - Haryana CM Assam visit

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 3:15 PM IST

thumbnail
মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিৰ (ETV Bharat Assam)

গুৱাহাটী, ৩ আগষ্ট : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনি । শুকুৰবাৰে নিশা অসমত উপস্থিত হয় হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকী । আনহাতে, শনিবাৰে পুৱাতে কামাখ্যা মন্দিৰৰ দৰ্শন কৰে সপত্নীক নয়াব সিং সাইনিয়ে । তেওঁক সংগ দিয়ে হাৰিয়ানা বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই ।

কামাখ্যাত উপস্থিত হৈ বিশেষ পূজা আগবঢ়াই হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে । ইফালে মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিয়ে সংবাদ মাধ্যমৰ আগত কয়, "মোৰ পৰম সৌভাগ্য যে আজি মা কামাখ্যাৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছো । প্ৰতিদিনে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ লাখ লাখ ভক্ত আহে । হাৰিয়ানাৰ জনতাৰ সৰ্বাংগীণ উন্নয়নৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ দিশত দোপতদোপে আগবাঢ়িছে । বিকাশৰ নতুন গতি লাভ কৰিছে অসমে । ডাবল ইঞ্জিনৰ চৰকাৰে জনসাধাৰণৰ বাবে কাম কৰি আছে । হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াইছে ।"

লগতে পঢ়ক :জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন LIVE - Jagiroad Tata Semiconductor Project
লগতে পঢ়ক :দুটা বিশেষ প্ৰকল্পৰ অনুমোদনৰ অপেক্ষাত আছে মুখ্যমন্ত্ৰী : ক'লে সামাজিক মাধ্যমত - Assam CM Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.