thumbnail

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:54 PM IST

ETV Bharat / Videos

পৰীক্ষা দিবলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ - Girl committed suicide

বঙাইগাঁও, ২২ জুন: বঙাইগাঁও জিলাৰ যোগীঘোপাত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা । বিদ্যালয়লৈ পৰীক্ষা দিবলৈ বুলি ওলাই গৈ আৰু উভতি নাহিল এগৰাকী তেৰ বছৰীয়া ছাত্ৰী । আঠ বজাতে বিদ্যালয়লৈ ওলাই যোৱা ছাত্ৰীগৰাকীৰ মৃতদেহ ক্ষন্তেক পিচতে উদ্ধাৰ হয় চীপ লৈ ওলমি থকা অৱস্থাত । কুমাৰকটা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী । বঙাইগাঁও জিলাৰ কুমাৰকটা গাঁৱৰ এখন হাবিৰ মাজত উদ্ধাৰ হয় মৃতদেহটো ।  

পৰীক্ষালৈ বুলি ওলাই যোৱা ছাত্ৰীগৰাকী এজোপা গছত নিজৰ দুপাট্টাৰে চীপ লৈ ওলমি থকা প্ৰত্যক্ষ কৰে বিদ্যালয়খনৰে আন এগৰাকী ছাত্ৰীয়ে । ছাত্ৰীগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ কৰা হয় স্কুলৰ বেগ । ঘটনাস্থলীত যোগীঘোপা আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ছাত্ৰীগৰাকীক কোনো লোকে হত্যা কৰি এনেদৰে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ । আৰক্ষীৰ সঠিক তদন্তৰ পাচতহে ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিলে নে কোনোৱে হত্যা কৰিলে সকলো পোহৰলৈ আহিব । 

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ)

লগতে পঢ়ক: ষ্টেচনৰ পৰা বাইকত লৈ যোৱা যুৱকৰ অৰ্ধ নগ্ন অৱস্থাত মৃত্যু ঘটিল কেনেকৈ ? - deadbody found

চৰাইদেউ-মৰিয়নীত মৃতদেহ উদ্ধাৰ - deadbody found

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.