কুণ্ডিল নদীত গা ধুবলৈ নামোতেই উটি গ'ল চাৰি ছাত্ৰ : দুজনৰ মৃতদেহ উদ্ধাৰ - Missing In River

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 10:53 PM IST

thumbnail
কুণ্ডিল নদীত গা ধুই থকা অৱস্থাত চাৰিজন ছাত্ৰ সন্ধানহীন (ETV Bharat Assam)

তিনিচুকীয়া, ২৪ জুলাই: তিনিচুকীয়া জিলাৰ শদিয়া সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পাগলাম গাঁৱত বুধবাৰে বিয়লি কুণ্ডিল নদীত গা ধুই থকা অৱস্থাত চাৰিজন ছাত্ৰ সন্ধানহীন হয় ৷ সন্ধানহীন চাৰি ছাত্ৰৰ ভিতৰত ভাস্কৰ ভট্টৰায় (১৫) আৰু অমৃত ছেত্ৰী (১৫) নামৰ দুজনৰ মৃতদেহ স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আনহাতে আন দুজন সন্ধানহীন ছাত্ৰ ক্ৰমে বিবেক ছেত্ৰী ( ১৫) আৰু ৰাম ভট্টৰায় (১৫) ক উদ্ধাৰৰ বাবে স্থানীয় ৰাইজ আৰু এছ ডি আৰ এফে কুণ্ডিল নৈৰ বুকুত অভিযান অব্যাহত ৰাখিছে । 

উল্লেখ্য যে, ছয়জন ছাত্ৰই পাৰ্টি কৰিবলৈ গৈছিল নৈৰ পাৰত । পাৰ্টি কৰি চাৰিগৰাকীয়ে গা ধুবলৈ নদীত নামি যায় যদিও আন দুজনে নৈত গা ধুবলৈ অমান্তি হয় । নদীত নমাৰ পাচৰে পৰা সন্ধানহীন হয় ক্ৰমে পাগলাম গাঁৱৰ ভাস্কৰ, বিবেক, অমৃত আৰু ৰাম নামৰ ছাত্ৰকেইজন ৷

লগতে পঢ়ক: কণমানি পুত্ৰৰ সন্মুখতে ডিমৌ নৈৰ বাঢ়নী পানীত উটি গ'ল পিতৃ - Missing In River

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.