ETV Bharat / state

হিমন্ত মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক: শিক্ষাৰ্থীৰ অনুৰোধ - Students Protest

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 3:42 PM IST

Students protest: প্ৰতিবাদত বহিল কলগাছিয়াৰ এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থী । তেওঁলোকৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে বিদ্যালয়খন ৰক্ষা কৰিবলৈ শিক্ষাৰ্থীসকলে চৰকাৰক আহ্বান জনায় ।

Students Protest
হিমন্ত মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক (ETV Bharat)

কলগাছিয়া,৭ ছেপ্টেম্বৰ : বছৰ বছৰ ধৰি বৰপেটা জিলাত বেকী নৈৰ খহনীয়া অব্যাহত আছে । খহনীয়াই ইতিমধ্যে বহুতৰে সপোন ভাঙিছে । বহু লোকৰ ঘৰ, অনুষ্ঠান-প্ৰতিষ্ঠান আদি নৈৰ বুকুত জাহ গৈছে । কেইবাখনো বিদ্যালয়ো ইতিমধ্যে বান আৰু খহনীয়াৰ কবলত পৰিছে । তাৰ ভিতৰত অন্যতম কলগাছিয়াৰ ১৬৬৯ নং কাউৰঝাহী প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খনৰ সীমাবেৰ ইতিমধ্যে খহনীয়াত ধ্বংস হৈছে । এনে পৰিস্থিতিত বিদ্যালয়খনলৈও আহিছে ভাবুকি । যাৰ বাবে বিদ্যালয়খনৰ ১৬০ গৰাকী শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল শংকিত হৈ পৰিছে ।

শিক্ষাৰ্থীৰ প্ৰতিবাদ

ফলস্বৰূপে বিদ্যালয়খনৰ অস্তিত্ব ৰক্ষাৰ বাবে শিক্ষাৰ্থী আৰু স্থানীয় লোকসকলে চৰকাৰক আহ্বান জনাইছে । তাৰ অংশ হিচাপে শনিবাৰে কলগাছিয়াৰ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰখৰ ৰ'দত নৈৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বেকীৰ গৰাখহনীয়াৰ কবলৰ পৰা বিদ্যালয়খন ৰক্ষা কৰাৰ বাবে শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীক জনপ্ৰিয় 'মামা' বুলি সম্বোধন কৰি বিদ্যালয়খনক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ কাতৰ আহ্বান জনায় । এগৰাকী শিক্ষাৰ্থীয়ে কয়,"হিমন্ত মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক । আমাৰ বিদ্যালয়খন নদীয়ে ভাঙি লৈ গৈছে ।"

ইফালে অভিভাৱক তথা স্থানীয় লোকসকলেও খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । শীঘ্ৰে কোনো পদক্ষেপ নল'লে সম্পূৰ্ণ বিদ্যালয়খন নৈৰ বুকুত জাহ যাব বুলিও ৰাইজে সন্দেহ কৰিছে ।

উল্লেখ্য যে খহনীয়াৰ কবলত গাঁওখনৰ প্ৰায় ২০০ টা পৰিয়ালে ঘৰ-মাটিকে ধৰি নিজৰ সম্পত্তি হেৰুৱাইছে । আনকি কেইবাটাও পৰিয়ালে সকলো হেৰুৱাই আনৰ ঘৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে । এনে পৰিস্থিতিত শিক্ষাৰ্থী তথা স্থানীয় লোকসকলে বিদ্যালয়ৰ লগতে অঞ্চলটোক সুৰক্ষা দিবলৈ খহনীয়া প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :সৰ্বকালৰ অপদাৰ্থ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা : চি পি আই এম এল - CPIML protest in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.