ETV Bharat / bharat

দিল্লীৰ NCR ত বৃদ্ধি শীতৰ প্ৰকোপ, সামান্য উন্নত হৈছে বায়ুৰ গুণাগুণ - DELHI AIR POLLUTION

দিল্লীৰ প্ৰদূষণৰ মাত্ৰা GRAP IV (Severe+)ৰ পৰা GRAP III (Severe) লৈ হ্ৰাস হৈছে ৷ তথাপিও ৰাজধানীত বিদ্যালয়সমূহ বন্ধ থকাৰ নিৰ্দেশ কৰ্তৃপক্ষৰ ৷

Delhi Air Pollution: AQI Improves To 'Poor' From 'Severe', Winds Offer City a Breather
দিল্লীৰ NCR ত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ (PTI)
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 9:27 AM IST

নতুন দিল্লী : যোৱা কেইদিনমানৰ পৰা দিল্লী আৰু এনচিআৰৰ বতৰৰ কিছু তাৰতম্য ঘটা দেখিবলৈ পোৱা গৈছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, মৃদু ৰ’দ আৰু তীব্ৰ বতাহৰ ফলত ৰাজধানী দিল্লীত প্ৰদূষণৰ মাত্ৰা হ্ৰাস হৈছে ৷ লগতে হ্ৰাস পাইছে উষ্ণতাও ।

বৰ্তমান সৰ্বোচ্চ উষ্ণতা ২৭.৬৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ২০.২৮ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে । ইয়াৰ বাবে বতৰটো ক্ৰমান্বয়ে ঠাণ্ডা হ’বলৈ আৰম্ভ কৰিছে, এয়া সাধাৰণ ৰাইজৰ বাবে সকাহৰ বিষয় ।

সোমবাৰৰ বাবে বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে যে পুৱা লঘু কুঁৱলীৰ সম্ভাৱনা আছে । ৰাতিও একে পৰিস্থিতি থাকিব । অৱশ্যে দিনৰ ভাগত আকাশ পৰিষ্কাৰ হৈ থকাৰ সম্ভাৱনা আছে । আজি দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা ২৩.৬৮ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ১৫.০৫ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে । এই উষ্ণতা স্বাভাৱিকতকৈ অলপ কম ।

দৰাচলতে পাহাৰীয়া ৰাজ্যসমূহত বৰফ পৰাৰ এই সময়ছোৱাই কেৱল সেই অঞ্চলৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় দিল্লী, উত্তৰ প্ৰদেশ, পঞ্জাব আৰু হাৰিয়ানাৰ বতৰৰো পৰিৱৰ্তন ঘটিছে । বৰফ পৰাৰ বাবে তাপমাত্ৰা হ্ৰাস পাইছে, যাৰ বাবে আন ৰাজ্যতো বতৰ ঠাণ্ডা হৈ পৰিছে ।

দিল্লী NCR ৰ AQI : কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ (চিপিচিবি) শেহতীয়া তথ্য অনুসৰি সোমবাৰে পুৱা ৭:০৫ বজালৈকে দিল্লীৰ গড় বায়ুৰ গুণাগুণ সূচকাংক (AQI) ২৭৮ পইণ্টত আছিল । দিল্লীৰ উপৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিভিন্ন চহৰতো বায়ুৰ গুণাগুণ নিম্নগামী হোৱা দেখা গৈছে । ফৰিদাবাদত ২৩১, গুৰুগ্ৰামত ২০৬, গাজিয়াবাদত ১৯৬, গ্ৰেটাৰ নয়ডাত ২০০ আৰু নয়ডাত ২০৩ AQI ৰেকৰ্ড কৰা হৈছে ।

উচ্চ AQI স্তৰ থকা অঞ্চল : দিল্লীৰ বহু অঞ্চলত AQI ৰ মাত্ৰা অত্যন্ত চিন্তনীয় । ৰাজধানীৰ ১৪টা স্থানত ৩০০ৰ পৰা ৪০০ৰ ভিতৰত AQI ৰেকৰ্ড কৰা হৈছে । যেনেকৈ আলিপুৰত ৩০৫, আনন্দ বিহাৰৰ ৩৩৪, অশোক বিহাৰৰ ৩১১ আৰু শদীপুৰত ৩৪৬ । এই পৰিসংখ্যাই কিছুমান অঞ্চলত অত্যধিক বায়ু প্ৰদূষণৰ ইংগিত দিয়ে, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে ।

ৰাজধানী দিল্লীৰ ২৩টা অঞ্চলত একুই ২০০ৰ পৰা ৩০০ৰ ভিতৰত উপনীত হৈছে । আয়া নগৰত ২৩৪, বুৰাৰী ক্ৰছিঙত ২৯৪, চান্দনী চ’কত ২৪৬ আৰু আই জি আই বিমানবন্দৰত AQI ২৬১ পইণ্ট লাভ কৰিছে ।

লগতে পঢ়ক : 'অতি শোচনীয়'ৰ পৰা 'গুৰুতৰ' পৰ্যায়লৈ অৱনমিত দিল্লীৰ বায়ুৰ গুণমান সূচক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.