প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ শীৰ্ষ ছাত্ৰনেতাৰ বিৰুদ্ধে - Allegation Against AASU Leader

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 9:03 PM IST

thumbnail
প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ শীৰ্ষ ছাত্ৰনেতাৰ বিৰুদ্ধে (ETV Bharat Assam)

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ এক অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শীৰ্ষ আছুৰ নেতাৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে  আইনৰ ছাত্ৰীগৰাকীয়ে ৷

সততে ৰাজ্যৰ বিভিন্ন বিষয়ত সৰৱ হৈ থকা ছাত্ৰনেতাগৰাকীয়ে ছাত্ৰীগৰাকীৰ জীৱনৰ লগত হেতালি খেলাৰ অভিযোগ উত্থাপিত হৈছে ৷ তদুপৰি এই হাৰাশাস্তিৰ প্ৰসংগত এগৰাকী কণ্ঠশিল্পীৰ কথাও উল্লেখ কৰিছে ছাত্ৰীগৰাকীয়ে ৷ প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে ছাত্ৰনেতাগৰাকীৰ বিৰুদ্ধে ৷

ছাত্ৰীগৰাকীয়ে জনোৱা অনুসৰি প্ৰায় ৬ মাহ ধৰি মানসিক অশান্তিত ভুগি আহিছে তেওঁ ৷ মানসিক অশান্তিত ভুগি মাত্ৰাধিক ঔষধ সেৱন কৰিছিল ছাত্ৰীগৰাকীয়ে । ফলত বৃহস্পতিবাৰে নিশা জি এম চি এইছত ভৰ্তি কৰোৱা হয় অসুস্থ ছাত্ৰীগৰাকীক ৷শুকুৰবাৰে ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় , ‘‘মই আত্মহত্যা কৰিবলৈ চেষ্টা কৰা নাই । অত্যধিক ঔষধ সেৱন কৰাৰ বাবে চাগে এনে হ’ল । মই মানসিকভাৱে 6 মাহ ধৰি ভূগি আছিলো । ছাত্ৰনেতাগৰাকী দেখনিয়াৰ বাবে জনপ্ৰিয় হ'ব পাৰে, মোৰ কাৰণে তেওঁ জনপ্ৰিয় নহয় ৷ তেখেতৰ কাণ্ড-কাৰখানাৰ বাবে একেবাৰে জনপ্ৰিয় হ’ব নালাগে ৷’’

লগতে পঢ়ক : প্ৰেম এনেকুৱাই ! দৰিদ্ৰ লোকৰ মাজত প্ৰয়াত পত্নীৰ জন্মদিন উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.