ETV Bharat / entertainment

অনন্ত ৰাধিকাৰ প্ৰথমটো গণেশ উৎসৱ : এণ্টিলিয়া চা ৰাজাক আদৰণি - Anant Radhika Ganesh Chaturthi

author img

By ETV Bharat Entertainment Team

Published : Sep 7, 2024, 3:52 PM IST

Ambani Family welcomes Anitilia Cha Raja: নিজৰ পৰম্পৰা অব্যাহত ৰাখি মুকেশ আম্বানী আৰু পৰিয়ালে এন্টিলিয়াৰ নিজৰ ঘৰত বাপ্পাক অতি আড়ম্বৰেৰে আদৰণি জনাইছে, যাৰ আভাস ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । অনন্ত আৰু ৰাধিকাকো বিয়াৰ পিছত প্ৰথম গণেশ চতুৰ্থীত নিমগ্ন হৈ পৰা দেখা গৈছে ।

Ganesh Chaturthi 2024:  Ambani Family welcomes Anitilia Cha Raja anant radhika celebrates their first ganesh Utsav
এণ্টিলিয়া চা ৰাজাক আদৰণি (ANI)

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ : গণেশ উৎসৱ আৰম্ভ হৈছে আৰু গণেশ চতুৰ্থী উপলক্ষে আজি সমগ্ৰ দেশতে বাপ্পাক অতি ধুমধামেৰে আদৰণি জনোৱা হৈছে । প্ৰতি বছৰৰ দৰে আম্বানী পৰিয়ালেও এইবাৰো এন্টিলিয়াৰ ৰাজাক আদৰণি জনাইছে । অনন্ত আৰু ৰাধিকাকো প্ৰথম গণেশোৎসৱত বাপ্পাৰ ভক্তিত নিমগ্ন হোৱা দেখা গৈছে । শুকুৰবাৰে সন্ধিয়া গণেশ চতুৰ্থী উদযাপনৰ পূৰ্বে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালে নিজৰ ঘৰত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰে । বিগত কেইবাবছৰ ধৰি পৰিয়ালটোৱে এই গণেশোৎসৱ অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰি আহিছে ।

এণ্টিলিয়া চা ৰাজাক ধুমধামেৰে আদৰণি

আম্বানী পৰিয়ালে এন্টিলিয়াত থকা তেওঁলোকৰ ঘৰত বাপ্পাৰ মূৰ্তি স্থাপন কৰিছে, যাক এন্টিলিয়া চা ৰাজা বুলি কোৱা হয় । সমগ্ৰ আম্বানী পৰিয়ালে এন্টিলিয়াত ভগৱান গণেশৰ মূৰ্তিক আদৰণি জনাই ‘গণপতি বাপ্পা মৌৰিয়া’ ধ্বনিৰে পৰিৱেশ ভক্তিময় কৰি তোলে । গণেশ চতুৰ্থীৰ পূৰ্বে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে বৃহস্পতিবাৰে মুম্বাইত এক অনুষ্ঠানৰ জৰিয়তে সকলো দেশবাসীক এই উৎসৱৰ বাবে শুভেচ্ছা জনায় । নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ (এন এম এ চি চি)ত অনুষ্ঠিত এই অনুষ্ঠানত মুকেশ আম্বানী, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টো উপস্থিত থাকে ।

অনন্ত ৰাধিকাৰ প্ৰথম গণেশোৎসৱ

বিবাহৰ পিছত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ এয়া প্ৰথম গণেশোৎসৱ । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত আম্বানী পৰিয়ালে বাপ্পাক বহু ধুমধামেৰে আদৰণি জনোৱা দেখা গৈছে । খবৰ অনুসৰি অনন্ত আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনে মুম্বাইৰ আইকনিক লালবাগচা ৰজা গণেশ জীক সোণৰ মুকুট উপহাৰ দিয়ে । এই মুকুটৰ মূল্য 15 কোটি আৰু ইয়াৰ ওজন 20 কিলোগ্ৰাম । দহদিনীয়া গণেশ উৎসৱত মুম্বাইত নিৰাপত্তাৰ বাবে নিয়োজিত হ’ব প্ৰায় 15 হাজাৰ আৰক্ষী । ইয়াৰ উপৰিও জ্যেষ্ঠ বিষয়াসকলে ব্যৱস্থাসমূহ নিৰীক্ষণ কৰিব ।

লগতে পঢ়ক : লালবাগচা ৰাজাৰ শিৰত কোটি টকীয়া সোণৰ মুকুট - Ganesh Chaturthi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.