ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Union minister Sarbananda Sonowal

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 3:28 PM IST

thumbnail
ঢেকীয়াখোৱা বৰনামঘৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

টীয়ক, ৭ ছেপ্টেম্বৰ: টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ঢেকীয়াখোৱা বৰনামঘৰত মন্ত্ৰী সোণোৱালে ভাদমহীয়া পালনামত শৰাই নৈবদ্য আগবঢ়ায় ৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সোণোৱালে অক্ষয় বন্তি প্ৰজ্বলন কৰি ধূপ জ্বলাই নিজৰ লগতে দেশবাসীৰ মংগল কামনা কৰি সেৱা লয় । সেৱাৰ পাছতে বৰনামঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী সোণোৱালে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি প্ৰতিখন আঞ্জা অতি সুস্বাদু হৈছে বুলি উল্লেখ কৰি এই বৰপ্ৰসাদ যোগাৰ কৰা প্ৰতিগৰাকী ভকত-বৈষ্ণৱৰ লগতে বৰনামঘৰ পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ লগতে গুৰুজনাৰ আদৰ্শ অটুট ৰাখি সকলোকে শান্তি-সম্প্ৰীতিৰে একতা আৰু ভাতৃত্ববোধৰ মাজেৰে বসবাস কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্মোৎসৱ; নাম-প্ৰসংগৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ - Madhabdev 536 Birth Anniversary

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.