ETV Bharat / sports

দুভৰি হেৰুওৱাৰ পিছতো পেৰিছত ব্ৰঞ্জৰ পদক অৰ্জনকাৰী হোকাটো হোটোঝে চেমা কোন - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Sep 7, 2024, 4:02 PM IST

Shot putter Hokato Hotozhe Sema: পেৰিছ পেৰালিম্পিক 2024 ত পদক অৰ্জন কৰা ভাৰতীয় পেৰা-খেলুৱৈসকলৰ ভিতৰত অন্যতম হৈছে হোকাটো হোটোঝে চেমা ৷ চেমাই পেৰিছত দখল কৰিছে ব্ৰঞ্জৰ পদক ৷ কেৱল এয়াই নহয়, ভাৰতীয় সেনাৰ হাবিলদাৰ হিচাপেও কৰ্মৰত আছিল চেমা ৷ চেমাৰ কাহিনীৰে সজোৱা হৈছে এই প্ৰতিবেদন...

PARIS PARALYMPICS 2024
নাগালেণ্ডৰ হোকাটো হোটোঝে চেমা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰত হোৱা লেণ্ডমাইন বিস্ফোৰণস্থলীৰ পৰা আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱা হোকাটো চেমাই পুৰুষৰ এফ 57 ইভেণ্টৰ শ্বটপুটৰ ফাইনেলত ৰচিছে ইতিহাস ৷

ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক জয় কৰি চলিত পেৰিছ পেৰালিম্পিক 2024 ত ইতিহাস সৃষ্টি কৰিছিল পেৰা-খেলুৱৈগৰাকীয়ে । নাগালেণ্ডৰ ডিমাপুৰৰ বাসিন্দা চেমা সেনাৰ হাবিলদাৰৰূপে কৰ্মৰত আছিল ৷ খেলুৱৈগৰাকীয়ে বিগত বৰ্ষত হাংঝৌ পেৰালিম্পিকতো জয় কৰিছিল ব্ৰঞ্জৰ পদক ।

হোকাটো চেমাৰ ইতিহাস সৃষ্টি

শুকুৰবাৰে পেৰা শ্বটপুট এথলীট চেমাই পেৰিছ পেৰালিম্পিক 2024 ত ব্ৰঞ্জৰ পদক জিকি ৰচিছে ইতিহাস ৷ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনৰ দ্বিতীয় থ্ৰ’ত 14 মিটাৰ দূৰত্ব স্পৰ্শ কৰিছিল ৷ পৰৱৰ্তী থ্ৰ’ত দেশৰ হৈ পদক অৰ্জন কৰিবলৈ খেলুৱৈগৰাকীয়ে থ্ৰ’ কৰে 14.40 মিটাৰ দূৰত্ব ৷ তাৰপিছতে চেমাই ভাৰতৰ হৈ 27 নং পদক জয় কৰাটো নিশ্চিত কৰে ৷

লেণ্ডমাইন বিস্ফোৰণত হেৰুৱাই ভৰি

হোকাটো চেমা ভাৰতীয় সেনাৰ এজন চাৰ্জেণ্ট আছিল ৷ 2002 চনত নিয়ন্ত্ৰণ ৰেখাৰ(এল অ’ চি) সমীপত এক অভিযানৰ সময়ত সংঘটিত হোৱা লেণ্ডমাইন বিস্ফোৰণৰ ফলত তেওঁ হেৰুৱাবলগীয়া হয় দুভৰি । এই দুৰ্ঘটনাটোৰ পিছত তেওঁ শ্বটপুট খেলিবলৈ আৰম্ভ কৰে ।

2022 চনৰ পৰা খেলিবলৈ আৰম্ভ কৰিছিল শ্বটপুট

চেমাক পুনেস্থিত কৃত্ৰিম অংগ সংৰোপণ কেন্দ্ৰৰ এজন শীৰ্ষ সেনা বিষয়াই শ্বটপুটত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰিছিল । তেওঁ 2016 চনত 32 বছৰ বয়সত খেলত অংশগ্ৰহণ কৰিছিল ৷ একে বছৰতে জয়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা চেম্পিয়নশ্বিপতো চেমাই অংশগ্ৰহণ কৰে ৷ তেওঁ 2022 চনত মৰক্কো গ্ৰেণ্ড প্ৰিক্সত ৰূপৰ পদক জিকিছিল আৰু এই বছৰ বিশ্ব চেম্পিয়নশ্বিপত চতুৰ্থ স্থান লাভ কৰিছিল ।

এফ 57 শ্বট পুট ইভেণ্ট কি ?

পেৰালিম্পিকত এফ 57 ইভেণ্ট হৈছে বহি থকা খেলুৱৈসকলৰ বাবে সংৰক্ষিত শ্ৰেণী । এই স্থিতিৰ পৰা শ্বটপুটত অংশগ্ৰহণ কৰাটো কঠিন ৷ কিয়নো থ্ৰ’য়াৰসকলে সাধাৰণতে ঘূৰাই আৰু দ্ৰুতগতিত খোজ দি গতি লাভ কৰে, যি তেওঁলোকক মাটিৰ পৰা ওপৰলৈ শক্তি প্ৰদান কৰে । কিন্তু বহি থকা স্থিতিত খেলুৱৈজনৰ শৰীৰৰ ওপৰৰ অংশৰ পৰাই অধিক শক্তিৰ প্ৰয়োজন হয় ।

পেৰিছ পেৰালিম্পিকত ভাৰতে এতিয়ালৈকে মুঠ 27 টা পদক জিকিছে, যাৰ ভিতৰত আছে 12 টা ব্ৰঞ্জ, 9 টা ৰূপ আৰু 6 টা স্বৰ্ণ ।

লগতে পঢ়ক: পেৰিছ পেৰালিম্পিকত পদক বিজয়ীক কিহৰ বাবে দিয়া হৈছে ৰঙা টুপী - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.