ETV Bharat / state

ভোগালীৰ সুকীয়া পৰম্পৰা: বৰপেটাৰ শতাধিক সত্ৰত বৰদোমাহী পালন - MAGH BIHU 2025

অসমৰ বাকী অংশতকৈ ব্যতিক্ৰম বৰপেটাৰ ভোগালীৰ পৰম্পৰা । উৰুকাৰ পৰা মেজি সজালৈ সকলো পৃথক ।

Magh Bihu celebrations
বৰপেটাৰ শতাধিক সত্ৰত বৰদোমাহী পালন (ETV Bharat assam)
author img

By ETV Bharat Assamese Team

Published : Jan 15, 2025, 2:24 PM IST

বৰপেটা : সত্ৰীয়া ৰীতি-পৰম্পৰাৰে বুধবাৰে বৰপেটা সত্ৰত জ্বলোৱা হ'ল মাঘৰ উৰুকাৰ মেজি ৷ সোমবাৰে সত্ৰনগৰী বৰপেটাত উৰুকা পালন কৰাৰ পাছত বুধবাৰে পুৱাই সত্ৰৰ নাম প্ৰসংগৰ পিছত পৰম্পৰাগত ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজি জ্বলাই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ সত্ৰৰ টুপৰ চোতালত বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে মেজি জ্বলোৱা সময়ত উপস্থিত থাকে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ লগতে বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷

বৰপেটা সত্ৰত বৰদোমাহী পালন

বৰপেটাৰ শতাধিক সত্ৰত বৰদোমাহী পালন (ETV Bharat assam)

ইফালে বৰপেটা সত্ৰত মাঘৰ মেজি জ্বলোৱা আৰু বিহু উপলক্ষে সত্ৰত সেৱা জনাবলৈ বহু ভক্তৰ সমাগম হয় ৷ পৰম্পৰা অনুসৰি পুহৰ সংক্ৰান্তিৰ পৰা ৪ মাঘলৈ বৰপেটা সত্ৰত ৫ দিনীয়াকৈ মাঘৰ দোমাহী পালন কৰা হয় ৷ এই ৫ দিনে সত্ৰত নাম-প্ৰসংগ চলি থাকে ৷ বৰপেটা সত্ৰত মাঘৰ পহিলা দিনটোত অৰ্থাৎ বুধবাৰে বৰদোমাহী পালন কৰা হৈছে ৷ বৰদোমাহী উপলক্ষে বৰপেটা সত্ৰত পুৱাৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ পিছত সত্ৰৰ টুপৰ চোতালত প্ৰজ্বলন কৰা মেজিৰ জুইৰ উম লোৱাৰ লগতে সত্ৰত সেৱা জনাবলৈ পুৱাৰে পৰা সত্ৰত সমবেত হয় বহু ভক্ত ৷ প্ৰজ্বলিত মেজিৰ ভস্মৰে কপালত তিলক লৈ প্ৰতিজন ভক্ত ঘৰমুৱা হয় ৷ আনহাতে সত্ৰত পুৱা নিত্য প্ৰসংগত ভতিমা, নাম-প্ৰসংগ আৰু ভাগৱত পাঠ প্ৰসংগৰ পিছত নৈমিত্তিক প্ৰসংগত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিৱেশন কৰে ৷

Magh Bihu celebrations
বৰপেটাৰ শতাধিক সত্ৰত বৰদোমাহী পালন (ETV Bharat Assam)

বৰপেটাত মাঘ বিহুৰ সুকীয়া পৰম্পৰা

উল্লেখ্য যে বৰপেটা সত্ৰৰ লগতে জিলাখনত মাঘৰ বিহু কিছু ব্যতিক্ৰম । বাকী ৰাজ্যবাসীয়ে উৰুকা পালন কৰাৰ এদিন পিছতহে বৰপেটাবাসীয়ে উৰুকাৰ ভোজ-ভাত খায় । আনহাতে পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দোমাহীৰ দিনটোৰ পৰাই বৰপেটা সত্ৰত সত্ৰীয়া পৰম্পৰাৰে ৫ দিনীয়াকৈ মাঘ বিহু পালন কৰা হয় ।

উৰুকাৰ পুৱাৰ পৰাই বৰপেটা সত্ৰৰ লগতে সত্ৰনগৰী বৰপেটাৰ ২২ খন হাটীত সমূহীয়াভাৱে বিৰিণাৰে মেজি নিৰ্মাণ কৰা হয় ৷ উৰুকাৰ নিশা মেজি ৰখিবলৈ অহা ৰাইজে 'গাটাৰ আলু ভজা'(বিশেষ আলু ভাজি) খায় ৷ উৰুকাৰ নিশা বৰপেটাত আলু ভজা খোৱাটো এক পৰম্পৰা ৷ উৰুকাৰ নিশা ভোজ-ভাত খোৱাৰ পৰিৱৰ্তে এই আলু ভজা খোৱাটোহে দীৰ্ঘদিনীয়া পৰম্পৰা ৷

সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ লগতে ইয়াৰ কাষৰীয়া পাটবাউসী, সুন্দৰীদিয়া, বাৰাদি, বহৰি, মৈৰামাৰা, বৰপেটাৰোড আদি সত্ৰসমূহৰ লগতে জিলাখনৰ প্ৰায়বোৰ সত্ৰ আৰু গাঁৱত সোমবাৰৰ পৰিৱৰ্তে মঙলবাৰে উৰুকা পালন কৰা হয় ৷

লগতে পঢ়ক :বয়সে হাৰ মানিব নোখোজে; বলৰ পিছে পিছে দৌৰিছে ককাহঁত - SENIOR CITIZEN FOOTBALL MATCH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.