তেজপুৰ : এক আশাৰ খবৰ ৷ সুদীৰ্ঘ ১২ বছৰৰ ব্যৱধানৰ পিছত নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত কেমেৰা ট্ৰেপিঙত পোৱা গৈছে এটা পূৰ্ণবয়স্ক মতা হাতী । পূব অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত হাতী চলাচল কৰা পথসমূহ বেদখল মুক্ত কৰাৰ পিছতেই এই পূৰ্ণবয়স্ক মতা হাতীটো দেখিবলৈ পোৱা গৈছে ।
বিগত ১৯৯৬ চনৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানৰ নামনিত স্থানীয় লোকে খেতি কৰাৰ লগতে কিছু ঠাই বেদখল হোৱাৰ বাবেও হাতীৰ বাবে অহা যোৱা কৰা পথবোৰ বন্ধ হৈ পৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত ৰাজ্যখনৰ বন বিভাগে স্থানীয় লোকক জড়িত কৰি উদ্যানখনৰ কাষৰীয়া অঞ্চলত হাতীৰ অহা যোৱা পথ সুগম কৰি তোলে ৷
ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ এই অৱস্থিতিয়ে হিমালয়ৰ পাদদেশৰ ৰাজ্যখনলৈ হাতীৰ সংখ্যা বৃদ্ধিৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে । ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত হাতী পূৰ্বতেও আছিল যদিও বন বিভাগে পৰ্যবেক্ষণ কৰিব পৰা নাছিল ৷ কাৰণ বাৰিষাৰ কালত ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশত বাধা হৈ থিয় দিয়ে নোৱা দিহিং নদীয়ে । নোৱা দিহিং নদীৰ ওপৰত যোগাযোগৰ বাবে কোনো ব্যৱস্থা নথকাৰ হেতুকে বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰাটো কঠিন আছিল ।
অৰুণাচল প্ৰদেশৰ মুখ্য বন সংৰক্ষণ বিষয়া তথা নামদফা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ ফিল্ড সঞ্চালক ভি কে জৱালয়ে (V. K. Jawal) কয়, ‘‘বন্যপ্ৰাণী কৰিড’ৰসমূহ নিৰীক্ষণ আৰু শক্তিশালী কৰি আমি অঞ্চলটোৰ হাতী আৰু অন্যান্য জীৱ-জন্তুৰ দীৰ্ঘম্যাদী সংৰক্ষণ নিশ্চিত কৰিব পাৰো । কিন্তু মন কৰিবলগীয়া যে হাতীৰ কৰিড’ৰটো নামচাইৰ পৰা নামদাফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ (বগা পাহাৰ-বুলবুলিয়া–ফিৰম্বাছে–এম্বেয়ং) হৈ বাৰ্মালৈকে বিস্তৃত আছিল ৷ বৰ্তমান বেদখল কৰা অঞ্চল ৩৮ নং ওপৰৰ আৰু ৩৮ নং তলৰ–৫২ নং মাইল নাল্লা–নোৱা-দিহিং নদী পাৰ হৈ (কডবয়–ম্যানমাৰ)ৰ কাষেৰে হাতীৰ বাবে এক গুৰুত্বপূৰ্ণ পথ আছিল ৷’’
‘‘১৯৯৬ চনত এই ৩৮ আৰু ৫২ মাইলৰ ওচৰত বৰ্তমান বেদখল কৰা অঞ্চলৰ ভিতৰত অৱস্থিত এম্বেয়ং অঞ্চলটো হাতী কৰিড’ৰ হিচাবে বন্ধ হৈ পৰিছিল । ফলত হাতী নামদফাৰ উত্তৰ অংশৰ পৰা আহিবলৈ নোৱৰা হৈ পৰে ৷ সেয়ে কেতিয়াবা উত্তৰ-পশ্চিমৰ কাথানৰ দৰে ফ্ৰিঞ্জ অঞ্চললৈ হাতী প্ৰৱেশ কৰিবলৈ লয় ৷ ফলত মেয়াও চক্ৰৰ খাচাং আৰু ছংকিং গাঁৱত প্ৰায়ে মানুহ-বন্যপ্ৰাণী সংঘাতৰ সৃষ্টি হোৱাৰ লগতে গাঁৱৰ মানুহৰো যথেষ্ট অৰ্থনৈতিক ক্ষতি হৈছিল । সেয়েহে নামদফা বন বিভাগৰ সৈতে স্থানীয় লোকে একেলগে কাম কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছিল ৷ সেয়ে বন্যপ্ৰাণী সংৰক্ষণৰ লগতে হাতী অহা-যোৱাৰ বাবে উক্ত পথ পুনৰ মুকলিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে নামদাফা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলে ৷’’
‘‘নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ ফিল্ড বায়’লজিষ্ট, ময়ুৰ এইচ ভাৰিয়াই কয়, "বাৰিষাৰ সময়ত, নোৱা-দিহিং নদীত হোৱা ভয়াৱহ বানৰ বাবে বন বিভাগে বন্যপ্ৰাণী নিৰীক্ষণ কৰাত বাধা আহি পৰে ৷ সেইবাবেই আমাক দেবান বনাঞ্চল শিবিৰত (১৭ মাইল) এখন ওলোমা থকা দলং লাগে, যাতে আমি আমাৰ বনাঞ্চলৰ ভিতৰত টহল দিব পাৰো ৷’’
উল্লেখ্য যে, যোৱা ১৩ জানুৱাৰীত এটা প্ৰাপ্তবয়স্ক মতা হাতীৰ ফটো কেমেৰাত বন্দী হোৱাৰ পিছত, ই এক গুৰুত্বপূৰ্ণ বিষয় হিচাবে চিহ্নিত হৈছে । অৰুণাচল প্ৰদেশৰ মুখ্য বন সংৰক্ষণ বিষয়া তথা নামদাফা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ ফিল্ড সঞ্চালক ভি কে জৱালয়ে কয়, "এই দৃশ্যই অঞ্চলটোৰ হাতীক সুৰক্ষা আৰু সংৰক্ষণ প্ৰদানৰ ক্ষেত্ৰত এক নতুন আশাৰ সৃষ্টি কৰিছে । বাৰিষাত হাতীয়ে মাজে মাজে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে পাৰ হৈ যায় ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে প্ৰায়ে বন বিষয়াসকলে উদ্যানখনত প্ৰৱেশত বাধাৰ সন্মুখীন আহি পৰে ৷ এই সময়ছোৱাত কেমেৰা স্থাপন কৰাটো বৰ কঠিন হৈ পৰে ৷’’
লগতে পঢ়ক : মন্দিৰত থকা হাতীৰ খং উঠাৰ কাৰণ কি ? |
অসমত শেহতীয়াকৈ বন বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা হাতীৰ সংখ্যা হৈছে প্ৰায় ৫,৭০০ টা । বিশেষজ্ঞৰ মতে, বিগত ২০১৭ চনৰ পিছৰ পৰা উত্তৰ পূৰ্বাঞ্চলত হাতীৰ গণনা হোৱাৰ তথ্য উপলদ্ধ হোৱা নাই । সেই অনুসৰি ২০১৭ চনৰ চৰকাৰী তথ্য মতে, হাতীৰ সংখ্যা অৰুণাচল প্ৰদেশত ১৬১৪ টা, মেঘালয়ত ১৭৫৪ টা, নাগালেণ্ডত ৪৪৬ টা, মিজোৰামত ৭ টা, ত্ৰিপুৰাত ১০২ টা ।
ইয়াৰ বিপৰীতে পশ্চিমবংগৰ উত্তৰে হাতীৰ সংখ্যা আছিল ৪৮৮ টা আৰু দক্ষিণে ১৯৪ টা ৷ হাতীৰ এই অৱস্থিতিয়ে নামদাফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চহকী জৈৱ বৈচিত্ৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে চলি থকা গৱেষণা আৰু সংৰক্ষণ প্ৰচেষ্টাক যথেষ্ট সহায় কৰিব ।