অনলাইন ট্ৰেডিঙৰ লগত জড়িত সকলোকে তদন্তৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ - Online Trading Scam

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 10:44 PM IST

thumbnail
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

ডিব্ৰুগড়, ৬ ছেপ্টেম্বৰ :ৰাজ্যত এতিয়া আটাইতকৈ চৰ্চিত বিষয়টো হ'ল অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা এই অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চকৰ মাষ্টাৰ মাইণ্ডক আটক কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষী কঠোৰ হৈছে ।

গুৱাহাটী, ডিব্ৰুগড়ৰ লগতে বিভিন্ন ঠাইত আটক হৈছে আজিপৰ্যন্ত কেবাজনো প্ৰৱঞ্চক । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি গ্ৰাহকক প্ৰৱঞ্চনা কৰাসকলক আৰক্ষীয়ে আটক কৰাৰ পিছতেই হাহাকাৰ লাগিছে গ্ৰাহকসকলৰ মাজত ।

শুকুৰবাৰে ডিব্ৰুগড়ত অনলাইন ট্ৰেডিঙক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অনলাইন ট্ৰেডিং বুলি কোনো কথা নাই । নিজৰ টকা ষ্টক মাৰ্কেটত বিনিয়োগ কৰে কৰি থাকক, কিন্তু আনৰ পইচা কৰিব নোৱাৰিব । এইক্ষেত্ৰত বেলেগৰ লগত এগ্ৰিমেন্ট কৰিব নোৱাৰিব । এই ব্যৱসায় সম্পূৰ্ণ অবৈধ । অসম পুলিচক স্পষ্ট নিৰ্দেশ দিয়া হৈছে এই ব্যৱসায়ৰ লগত জড়িত সকলোকে তদন্তৰ আওতালৈ আনিবলৈ ।’’

তদুপৰি মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক আহ্বান জনাই এনেকুৱা সহজ ধন ঘটা ব্যৱস্থাত ভৰি নিদিবলৈ । অন্যথা একাংশই অনলাইন ট্ৰেডিঙৰ নামত লৈ যাব কষ্টোপাৰ্জিত ধন ৷ ৰিজাৰ্ভ বেংকৰ অনুমোদন নাথাকিলে বিত্তীয় লেনদেনত জড়িত হ'ব নালাগে বুলি কয় ড৹ শৰ্মাই ।

লগতে পঢ়ক : অনলাইন ট্ৰেডিং জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ চি আই ডিৰ লেন্সনায়ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.