নতুন দিল্লী : সংসদৰ বাহিৰত শাসকীয় দল আৰু বিৰোধী উভয়ৰে আম্বেদকাৰকেন্দ্ৰিক সমান্তৰাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে ।
ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁক ঠেলি দিয়াৰ ফলত আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে । সিঙে দাবী কৰে যে তেওঁ চিৰিৰ ওপৰত থিয় হৈ থকাৰ সময়তে আন এজন সাংসদ তেওঁৰ ওপৰত পৰি যায় ৷ যাৰ ফলত তেওঁৰ মূৰত আঘাতপ্ৰাপ্ত হয় ৷
সাংবাদিকৰ আগত সিঙে কয়, "ৰাহুল গান্ধীয়ে সংসদৰ এজন সদস্যক ঠেলি দিলে, যিজন আহি মোৰ ওপৰত পৰিল তাৰ পিছত মই পৰিলো ৷ মই চিৰিৰ ওচৰত থিয় হৈ আছিলো যেতিয়া ৰাহুল গান্ধীয়ে আহি এজন সাংসদক ঠেলি দিলে আৰু তাৰ পিছত মোৰ ওপৰত পৰিল...।" তাৰ পাছতে বিজেপি সাংসদগৰাকীক এম্বুলেন্সৰ সহায়ত চিকিৎসাৰ বাবে ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
#WATCH | Delhi | BJP MP Arun Singh says, " congress has always disrespected babasaheb, made him lose elections, and never gave him bharat ratna… panchteerth was constructed under pm modi’s leadership… congress party is a factory of lies and rahul gandhi is the chief of this… pic.twitter.com/8j3wJutzLz
— ANI (@ANI) December 19, 2024
ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে তেওঁ সংসদৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰি থকা অৱস্থাত প্ৰৱেশদ্বাৰৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰা বিজেপিৰ সাংসদসকলেও তেওঁক ঠেলি দিছিল আৰু ভাবুকি দিছিল । লগতে তেওঁ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকো ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰে ।
#WATCH | Delhi | BJP MP Manoj Tiwari says, " congress is trying to deceive the public. they are spreading fake information in the name of babasaheb ambedkar. we are here to tell the truth. who removed ambedkar from the council? who made him lose the elections? the congress party… pic.twitter.com/w0rpMNRJ90
— ANI (@ANI) December 19, 2024
সাংবাদিকৰ আগত গান্ধীয়ে কয়, "এয়া আপোনাৰ কেমেৰাত হ'ব পাৰে । মই সংসদৰ প্ৰৱেশদ্বাৰেৰে ভিতৰলৈ যাবলৈ চেষ্টা কৰি আছিলো, কিন্তু বিজেপিৰ সাংসদসকলে মোক ৰখাবলৈ চেষ্টা কৰিছিল । এয়াই হৈছে... হয় (মল্লিকাৰ্জুন খৰ্গেক ঠেলি দিয়া হ’ল)। কিন্তু আমি ঠেলাৰ কোনো প্ৰভাৱ নপৰে । কিন্তু এইটোৱেই প্ৰৱেশদ্বাৰ আৰু আমাৰ ভিতৰলৈ যোৱাৰ অধিকাৰ আছে । বিজেপিৰ সাংসদসকলে আমাক ভিতৰলৈ যোৱাত বাধা দিবলৈ চেষ্টা কৰিছিল...৷"
#WATCH | Congress MLAs stage protest inside Karnataka Assembly and condemn Union Home Minister Amit Shah's remark in Rajya Sabha over BR Ambedkar
— ANI (@ANI) December 19, 2024
Karnataka CM Siddaramaiah is also present here
(Source: Karnataka Information Department) pic.twitter.com/JywhCDgnUB
তেওঁ লগতে কয় যে বিজেপিয়ে সংবিধান তথা আম্বেদকাৰৰ স্মৃতিক অপমান কৰিছে । উল্লেখ্য যে বি আৰ আম্বেদকাৰৰ সন্দৰ্ভত বুধবাৰে (১৮ ডিচেম্বৰ) গৃহমন্ত্ৰী অমিত শ্বাহে অপমান কৰা বুলি বিৰোধীয়ে দাবী কৰে ৷ যাৰ ফলত সংসদত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷
#WATCH | Union Law Minister Arjun Ram Meghwal says, " two leaders are injured. 4-5 other mps have complained about this...all the ps have the right to protest. he (rahul gandhi) did physical violence and he did not even go to see the condition of sarangi ji...they (congress) have… pic.twitter.com/AhhhqOQT5B
— ANI (@ANI) December 19, 2024
এদিন পূৰ্বে ৰাজ্যসভাত শ্বাহে কৈছিল, ‘‘আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ বুলি কোৱাটো এটা ফেশ্বন হৈ পৰিছে । ইমানবাৰ ঈশ্বৰৰ নাম লোৱা হ’লে স্বৰ্গত স্থান পালেহেঁতেন ।” শ্বাহে লগতে কয়, ‘‘আম্বেদকাৰে নেহৰুৰ কেবিনেটৰ পৰা পদত্যাগ কৰিছিল, কাৰণ তেওঁক অওকাণ (ignored) কৰা হৈছিল আৰু অসন্তুষ্ট (dissatisfied) কৰা হৈছিল ।’’
#WATCH | TDP MP Appalanaidu Kalisetti meets BJP MP Pratap Chandra Sarangi at RML Hospital. He is admitted here after sustaining injuries during jostling with INDIA Alliance MPs.
— ANI (@ANI) December 19, 2024
(Video Source: Appalanaidu Kalisetti) pic.twitter.com/IOE6fUe2gJ
বাবাচাহেব আম্বেদকাৰক ‘অপমান’ কৰাৰ বিৰুদ্ধে সংসদ কমপ্লেক্সত সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগীৰ সৈতে উক্ত ঘটনাটো সংঘটিত হয় ।
" was trying to go inside, bjp mps pushed me...": rahul gandhi after pratap sarangi's allegations
— ANI Digital (@ani_digital) December 19, 2024
read @ANI Story l https://t.co/Ake3T7AdvP #RahulGandhi #PratapSarangi #BJP #Congress pic.twitter.com/sjUWFAwZ5Y
‘‘বাবাচাহেব আম্বেদকাৰ জীক অপমান সহ্য কৰা নহ'ব - আম্বেদকাৰে আমাক বাট দেখুৱালে, কংগ্ৰেছে আমাক বিপথে পৰিচালিত কৰিছে ৷’’ বেনাৰ-পোষ্টাৰ লৈ কমপ্লেক্সত বিজেপিৰ সাংসদসকলে এনেদৰে প্ৰতিবাদী ধ্বনি দিয়া দেখা যায় ।
প্ৰতিবাদ কৰাৰ সময়ত বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে গান্ধী পৰিয়ালক লক্ষ্য কৰি কয় যে তেওঁলোক সকলোৱে ভাৰত ৰত্ন লাভ কৰিছে, কিন্তু ড৹ আম্বেদকাৰকহে নিদিলে ।
#WATCH | Delhi | MPs of INDIA bloc, led by Lok Sabha LoP Rahul Gandhi and Congress MP Priyanka Gandhi Vadra, hold a protest march from Babasaheb Ambedkar statue at the Parliament premises to Makar Dwar, demanding an apology and the resignation of Union Home Minister Amit Shah… pic.twitter.com/fXOwf7W5Ma
— ANI (@ANI) December 19, 2024
"বাবাচাহেবক অসন্মান কৰাৰ বাবে কংগ্ৰেছ দলেই ডাঙৰ পাপী । গোটেই পৰিয়ালে ভাৰত ৰত্ন লৈ বাবাচাহেবক নিদিলে... কংগ্ৰেছ দলে ২৪ ঘন্টা ৰোজা ৰাখি নিজৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে মৌনতাৰ ব্ৰত ল'ব লাগে ।" তেওঁ কয় ৷
ইফালে, বৃহস্পতিবাৰে সংসদ চৌহদত লোকসভাৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ইণ্ডিয়া ব্লকৰ (INDIA Bloc) সাংসদসকলে বাবাচাহেব আম্বেদকাৰৰ প্ৰসংগত কৰা মন্তব্যক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী জনায় । গৃহমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিবাদ স্বৰূপে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, সঞ্জয় ৰাউত, মাহুৱা মাঝি, ৰাম গোপাল যাদৱকে ধৰি বহু সাংসদক নীলা কাপোৰ পৰিধান কৰা দেখা গৈছিল ।
ৰাজ্যসভাত ভাষণ প্ৰদানৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে বি আৰ আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতাৰে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী সদস্যই প্ৰতিবাদ কৰে ৷ যাৰ বাবে বুধবাৰে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলৈ বাধ্য হয় ।
এই বিষয়টো ইতিমধ্যে এক বৃহৎ ৰাজনৈতিক বিতৰ্কলৈ পৰিণত হৈছে, কংগ্ৰেছে অমিত শ্বাহৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ অন্যান্য নেতাই বিৰোধী দলটোক আক্ৰমণ কৰা দেখা দেখা যায় । (ANI)