ETV Bharat / international

হানয়ৰ কেফে আৰু বাৰত অগ্নিকাণ্ড: ১১ জন নিহত - SUSPECTED ARSON ATTACK AT CAFE

উদ্ধাৰকাৰী দলে ৭ জন লোকক জীৱিত অৱস্থাত অট্টালিকাৰ পৰা উলিয়াই আনে আৰু ইয়াৰে দুজনক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

suspected arson attack at cafe
হানয়ৰ কেফে আৰু বাৰত অগ্নিকাণ্ডত ১১ জন লোক নিহত (Hau Dinh/AP)
author img

By ANI

Published : Dec 19, 2024, 2:13 PM IST

হানৈ (ভিয়েটনাম): ভিয়েটনামৰ হানয়ৰ কেফে আৰু কাৰাওকে বাৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ১১ জন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হয় বুলি আৰক্ষীৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে ভিয়েটনামৰ জননিৰাপত্তা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কৰ্মচাৰীৰ সৈতে বিবাদৰ পিছত এটা অট্টালিকাৰ তলৰ মহলাত অগ্নিকাণ্ড আৰম্ভ কৰা বুলি স্বীকাৰ কৰা এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।

উদ্ধাৰকাৰী দলে ৭ জন লোকক জীৱিত অৱস্থাত অট্টালিকাৰ পৰা উলিয়াই আনে আৰু ইয়াৰে দুজনক চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে জনায় । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে এটা বহুমহলীয়া অট্টালিকা জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে ৷ ইফালে অগ্নি নিৰ্বাপক বাহিনীয়ে দৰ্শকে ঘেৰি থকাৰ সময়তে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল ।

লাও ডং কাকতখনে এজন প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতিৰে কয়, "সেই সময়ত আমি বহুতে সহায় বিচাৰি চিঞৰি থকা দেখিছিলো যদিও ওচৰ চাপিব পৰা নাছিলো ৷ কাৰণ জুই অতি সোনকালে বিয়পি পৰিছিল আৰু জখলাৰেও আমি ওপৰলৈ উঠিব পৰা নাছিলো ।" দ্য টিয়েন ফং কাকতৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি সেই ঠাইতে পেট্ৰ’লৰ গোন্ধ ওলাইছিল । প্ৰত্যক্ষদৰ্শীয়ে কয়, "সকলোৱে ভিতৰত আৱদ্ধ লোকসকলক বাহিৰলৈ ওলাই আহিবলৈ চিঞৰিছিল ৷ কিন্তু কোনেও সহায় বিচৰা নাছিল ।"

ভি এন এক্সপ্ৰেছ নিউজ ছাইটে প্ৰকাশ কৰা চিচি টিভি ফুটেজত দেখা গৈছে যে বুধবাৰে নিশা ১১ বজাৰ পিছত (স্থানীয় সময় অনুসৰি) অগ্নিকাণ্ড আৰম্ভ হোৱাৰ কেইছেকেণ্ডমান আগতে এজন লোকে বাল্টি এটা লৈ কেফেৰ ফালে খোজকাঢ়ি গৈ আছিল । ভিয়েটনামৰ মূল চহৰৰ কেন্দ্ৰীয় অঞ্চলত অগ্নিকাণ্ডৰ ঘটনা তেনেই সাধাৰণ ।

ভিয়েটনামৰ জননিৰাপত্তা মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২০১৭-২০২২ চনৰ ভিতৰত ভিয়েটনামত প্ৰায় ১৭ হাজাৰ ঘৰত ৪৩৩ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই চহৰ অঞ্চলত । আল জাজিৰাৰ বাতৰি অনুসৰি ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত হানয়ৰ এটা এপাৰ্টমেণ্ট ব্লকত সংঘটিত অগ্নিকাণ্ডত চাৰিটা শিশুকে ধৰি ৫৬ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হৈছিল ।

ইয়াৰ পূৰ্বে অক্টোবৰ মাহত দক্ষিণ বিন ডুয়ং প্ৰদেশৰ এখন আদালতে ২০২২ চনত কাৰাওকে কমপ্লেক্সত সংঘটিত হোৱা অগ্নিকাণ্ডৰ সৈতে জড়িত সুৰক্ষাৰ ভুলৰ বাবে চাৰিজন আৰক্ষী বিষয়াকে ধৰি ছয়জন লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক: ৰহস্যজনক ঘটনাত ১১ জন ভাৰতীয়ৰ অকাল মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.