তিতাবৰত বিলুপ্তপ্ৰায় ছেলেজাৰ পিট ভাইপাৰ সাপ উদ্ধাৰ - Salazar Pit Viper Snake

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 10:35 PM IST

thumbnail
যোৰহাটত বিলুপ্তপ্ৰায় ছেলেজাৰ পিট ভাইপাৰ সাপ উদ্ধাৰ (ETV Bharat Assam)

যোৰহাট, ৬ ছেপ্টেম্বৰ : যোৰহাটত বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ । বিলুপ্তপ্ৰায় হালধীয়া বৰণৰ চেলেজাৰ পিট ভাইপাৰ নামৰ বিষাক্ত সাপটো উদ্ধাৰ কৰা হয় যোৰহাটৰ সৰ্পবন্ধু পাৰ্থ হাজৰিকাৰ তৎপৰতাত ৷

তিতাবৰৰ চেঁচা সত্ৰ ননৈ গাঁৱৰ এজন ব্যক্তিৰ ফুলনিৰ পৰা বিলুপ্তপ্ৰায় সাপটো উদ্ধাৰ কৰা হয় ৷ উল্লেখ্য যে বিৰল প্ৰজাতিৰ চেলেজাৰ পীট ভাইপাৰ সাপবিধ বিশেষকৈ চাহ বাগিচা অঞ্চলত পোৱা যায় । বাগিচাৰ পাতৰ লগত সাপটোৰ ৰং মিলি থাকে ৷ ফলত পাত চিঙাৰ সময়ত শ্ৰমিকক দংশন কৰে এই সাপটোৱে ।

সৰ্পবন্ধু পাৰ্থ হাজৰিকাই কয়, ‘‘মানুহে মাৰি এই সাপবিধ প্ৰায় শেষ কৰিছে ৷ এই সাপডাল যথেষ্ট বিষাক্ত ৷ চাহ বাগিচা অঞ্চলৰ যথেষ্ট লোকক ই দংশন কৰিছে ৷ যোৰহাট মেডিকেল কলেজলৈও এই সাপে দংশন কৰা লোক আহে ৷ এই সাপে খুঁটিলে কটা-চিঙাৰ পৰা বিৰত থাকি তৎক্ষণাত চিকিৎসালয়ৈ যাব লাগে ৷’’

লগতে পঢ়ক : বিষাক্ত চকৰিফেঁটী সাপৰ পোৱালি জগাই মেলি দিলে বনাঞ্চলত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.