হোজাইৰ পৰা ওমানলৈ সৰবৰাহ কৰে যুৱতী; আৰক্ষীৰ জালত এজন - HUMAN TRAFFICKING RACKET

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 11:36 AM IST

হোজাই : ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো সক্ৰিয় হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ সৰবৰাহকাৰী চক্ৰ । এই চক্ৰৰ কৱলত পৰি ইতিমধ্য়ে এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাগৰাকী যুৱতী বিদেশত বন্দী হৈ আছে । এই কাৰ্যত মহিলা জড়িত থকাৰো অভিযোগ উত্থাপিত হোৱাৰ সময়তেই আৰক্ষীৰ জালত পৰিল আন্তঃৰাষ্ট্ৰীয় মানৱ সৰবৰাহকাৰী চক্ৰৰ সদস্য় ।

আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰৰ অন্যতম অভিযুক্ত ইমৰান হুছেইন ওৰফে ইমৰাণ চেলিমক মঙলবাৰে ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । মোৰাঝাৰৰ পদুমণি গাঁৱৰ পৰা সোধা-পোচাৰ বাবে ডবকা থানাৰ আৰক্ষীয়ে ইমৰানক আটক কৰে যদিও পাছত তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

ইমৰাণে ডবকাৰ মিকিৰআটী নাহৰ গাঁৱৰ এগৰাকী যুৱতীক মোটা অংকৰ ধনৰ প্ৰলোভন দি আধাৰ কাৰ্ডত বয়সৰ জালিয়াতিৰে ওমানলৈ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপনৰ পাচতেই আৰক্ষীয়ে আৰম্ভ কৰে অভিযান ।

আঢ়ৈ বছৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পাছত চলিত বৰ্ষৰ ১৩ মে'ত ওমানতে এক ৰহস্যজনক অৱস্থাত যুৱতীগৰাকীৰ মৃত্যু হৈছিল । ঘৰৰ পৰা সোঁশৰীৰে ওলাই যোৱা যুৱতীগৰাকীৰ মৃতদেহ ঘৰ পাইছিলহি মৃত্যুৰ ১৩ দিন পাছত ৷ ইয়াৰ পাচত ইমৰান আৰু তেওঁৰ আন সহযোগীৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত মৃত যুৱতীৰ পিতৃয়ে এটা গোচৰ ৰুজু কৰে । যুৱতীগৰাকীৰ সৰবৰাহৰ লগত জড়িত থকা মূল অভিযুক্ত ইমৰানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আন এগৰাকী মহিলা এতিয়াও মুকলি আকাশৰ তলত আছে ।

লগতে পঢ়ক:মানৱ সৰবৰাহ অব্যাহত : বঙাইগাঁৱত ৰে’লৰ পৰা উদ্ধাৰ দুই বাংলাদেশী কিশোৰী - Human trafficking

বহিঃৰাজ্যত চাকৰি দিয়াৰ কথা শুনিয়েই ভোল নাযাব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.