ETV Bharat / lifestyle

দৈনিক এই ৫বিধ শুকান ফল-বীজ তিয়াই খোৱাৰ উপকাৰিতা জানি হৈ পৰিব আচৰিত - DRY FRUITS HEALTH BENEFITS

সুস্বাস্থ্যৰ বাবে আমি শুকান ফল খোৱাটো খুবেই লাভদায়ক, কিন্তু কেইবিধমান এনে শুকান ফলো আছে যাক খালে আমি সদায় সুস্থ হৈ থাকিব পাৰো-

Soaked almonds and other dry fruits along with seeds, are beneficial for health
দৈনিক এই ৫বিধ শুকান ফল-বীজ তিয়াই খোৱাৰ উপকাৰিতা জানি হৈ পৰিব আচৰিত (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 26, 2024, 11:04 AM IST

আজিকালি সকলোয়ে এক স্বাস্থ্যৱান জীৱন যাপন কৰাৰ আকাংক্ষাত বহুতো ব্যৱস্থা গ্ৰহণ কৰে ৷ অধিকাংশ লোকে ৰাতি পানীত তিয়াই থোৱা বাদাম বা বীজ পুৱা গ্ৰহণ কৰে ৷ প্ৰকৃততে, ই এটা খুব ভাল অভ্যাস ৷ তিয়াই থোৱা শুকান ফল বা বীজ খালে আমাৰ স্বাস্থ্যৰ বহু উপকাৰ হয় ৷ বিশেষকৈ, ৫ বিধ এনে ফল-বীজ আছে, যিবোৰ খালে আমাৰ জীৱনকাল দুগুণ বৃদ্ধি হ'ব পাৰে ৷ সেইসমূহ হৈছে-

কাঠবাদাম

কাঠবাদাম আমাৰ স্বাস্থ্যৰ বাবে ঔষধ সদৃশ ৷ ইয়াত ভাল চৰ্বি থাকে, যিয়ে কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ তিয়াই থোৱাৰ পাছত বাদামৰ পুষ্টিকৰ উপাদানবোৰ আৰু অধিক সক্ৰিয় হয় ৷ ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উৎকৃষ্ট ৷ কাঠবাদামত থকা ভিটামিন-ইয়ে আমাৰ ছাল আৰু মগজু স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷

মেথি গুটি

মেথি গুটিয়ে ডায়েবেটিছৰ স্তৰ হ্ৰাস কৰে ৷ তিয়াই থোৱা মেথি গুটি খালে হজমৰ সমস্যা দূৰ হোৱাৰ লগতে ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে হাড় আৰু পেশীৰ বিষ হ্ৰাস কৰাত সহায় কৰে ৷

চিয়া ছীডছ

চিয়া ছীডছ বা চিয়া বীজক অমেগা-৩ ফেটি এচিডৰ এক উৎকৃষ্ট উৎস বুলি গণ্য কৰা হয় ৷ ছিয়া ছীডছে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী ৷ ছিয়া ছীডছৰ আকাৰ তিয়াই থ'লে ডাঙৰ হয়, যাৰ ফলত দীঘলীয়া সময়ৰ বাবে আমাৰ পেটটো ভৰ্তি অনুভৱ হয় ৷

কিচমিচ

কিচমিচ হৈছে আইৰণৰ এক উৎকৃষ্ট উৎস ৷ যিয়ে শৰীৰত হিমোগ্লোবিনৰ অভাৱ দ্ৰুততাৰে পূৰণ কৰিব পাৰে ৷ তিয়াই থোৱা কিচমিচে পাকস্থলী পৰিস্কাৰ কৰাত সহায় কৰে, যিয়ে হজম উন্নত কৰাৰ লগতে শক্তিৰ স্তৰো বৃদ্ধি কৰে ৷

সূৰ্যমুখী ফুলৰ বীজ

সূৰ্যমুখী ফুলৰ বীজ হৈছে ভিটামিন ই-ৰ এক খুব ভাল উৎস, যি ছাল আৰু চুলিৰ বাবে অতি উপকাৰী ৷ইয়াত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখে ৷

এইসমূহ খোৱাৰ সঠিক উপায়

এই পাঁচবিধ খাদ্যবস্তু একেলগে খোৱাটো খুবেই সহজ ৷ইয়াৰ বাবে আপুনি কাঠবাদাম এটা সৰু বাতিত আৰু বাকী সকলোবোৰ এটা ডাঙৰ বাটিত ৰাতি তিয়াই থ’ব ৷ পুৱা আটাইখিনি পানীৰ পৰা ছেকি একেলগে মিক্সিত দি পিছি ল'ব ৷ যদি বিচাৰে আপুনি সোৱাদৰ বাবে ইয়াত অলপ মৌ যোগ দিব পাৰে ৷ অন্যথা সপ্তাহৰ এটা এটা দিনত বেলেগ বেলগকৈও এইসমূহ খাব পাৰে ৷

এই পাঁচবিধ বস্তু তিয়াই খাই কেৱল আপোনাৰ স্বাস্থ্যই নহয়, জীৱনকালো বৃদ্ধি কৰিব পাৰিব ৷ স্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে এইসমূহ আপোনাৰ খাদ্য তালিকাত আজিয়েই অন্তৰ্ভূক্ত কৰক ৷

https://pmc.ncbi.nlm.nih.gov/articles/PMC10097306/

লগতে পঢ়ক: Dry Fruits Benefits: নিমিষতে দূৰ হ’ব মেদবহুলতা মাত্ৰ খাওক এই ৫ প্ৰকাৰৰ শুকান ফল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.