কৃষ্ণ জন্মৰ পৰা কংস বধলৈ, নলবাৰীত পুতলা ৰাস - PUPPET SHOW IN NALBARI RAAS

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Entertainment Team

Published : Nov 27, 2024, 2:53 PM IST

নলবাৰী : তিনি ৰাসৰ সমাহাৰেৰে লাখ লাখ ভক্তৰ মন আপ্লুত কৰিছে নলবাৰীৰ ৰাস মহোৎসৱে । মৃন্ময় মূৰ্তিপ্ৰধান নলবাৰীৰ ৰাস মহোৎসৱত বিগত দুটা বছৰৰ পৰা সমাহাৰ ঘটিছে জীৱন্ত ৰাস আৰু পুতলা ৰাসৰ । ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমৰ পুতলা নৃত্যৰ ৰাসক জীয়াই ৰখাৰ প্ৰয়াস নলবাৰীৰ ৯১ সংখ্যক ৰাস সমিতিৰ । থলুৱা নলবৰীয়া এই শিল্পীসকলক নৱ প্ৰজন্ময়ো যাতে মনত ৰাখে, সেই কামনাৰে পবিত্ৰ হৰিমন্দিৰৰ ভিতৰৰ চৌহদতেই পুতলা ৰাস প্ৰদৰ্শন কৰা হৈছে । ভক্তপ্ৰাণ ৰাইজে একেখনি ঠাইতে ষ্টলসমূহত মৃন্ময় মূৰ্তিৰ ৰাস, অস্থায়ী পেণ্ডেলৰ মঞ্চত জীৱন্ত ৰাস আৰু আন এক দিশে পুতলা ৰাস উপভোগ কৰিব পাৰিছে ।

উল্লেখনীয় যে নলবাৰীৰ গন্ধিয়াৰ মা মনসা পুতলা থিয়েটাৰে প্ৰতিদিনেই ১০ টাতকৈয়ো অধিক দৰ্শনী চলাই আহিছে । প্ৰতি আধা ঘণ্টাৰ অন্তৰে অন্তৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ সময়ৰ পৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু কংস বধ আদি পুতলা নৃত্যৰে দেখুৱাই অহা হৈছে । প্ৰায় ১০ জনীয়া এটা শিল্পীৰ দলে থিয়েটাৰখনৰ লগত জড়িত হৈ হেৰাই যাবলৈ ধৰা পুতলা নাচক জীয়াই ৰখাৰ যি প্ৰয়াস কৰিছে, ই সঁচাই প্ৰশংসনীয় ।

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে আয়োজন কৰা বৰমা বৃহত্তৰ ৰাস মহোৎসৱৰ সফল সামৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.