তিনিচুকীয়া : অৰুণাচল প্ৰদেশৰ তীৰ্থস্থান পৰশুৰাম কুণ্ডত স্নান কৰিবলৈ গৈ খৰস্ৰোতা লোহিত নদীৰ সোঁতত দেওবাৰে সন্ধানহীন হোৱা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সুৰক্ষা বিভাগৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীৰ আজি চাৰিটা দিনৰ অন্তত মৃতদেহ উদ্ধাৰ হয় । ঘটনাস্থলীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত তেজুত বুধবাৰে সন্ধিয়া স্থানীয় মাছমৰীয়াই প্ৰত্যক্ষ কৰে মৃতদেহটো ।
মৃতদেহটো মাছমৰীয়াই প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আৰম্ভ কৰে তদন্ত । পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীয়ে ৰে’লৱে বিভাগৰ স’তে মৃতদেহটো উদ্ধাৰ কৰা সন্দৰ্ভত যোগাযোগ কৰাত ঘটনাস্থলীত ততাতৈয়াকৈ ৰে’লৱে বিভাগৰ বিষয়াৰ স’তে পৰিয়ালৰ লোকো উপস্থিত হৈ মৃতদেহটো উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সুৰক্ষা বিভাগৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীৰ বুলি চিনাক্ত কৰে ।
মৃতদেহটো তিনিচুকীয়ালৈ অনা হ'ব আৰু বৃহস্পতিবাৰে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিব বুলি ৰে’লৱে বিভাগৰ এটা সূত্ৰই সদৰী কৰে ।
উল্লেখযোগ্য যে এন এফ ৰে'লৱেৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰী ২২ নৱেম্বৰত পত্নীসহ তিনিচুকীয়ালৈ আহিছিল বিভাগীয় কাৰ্যসূচী হাতত লৈ ৷ তেওঁ শুকুৰবাৰৰ নিশা আন আন বিষয়াবৰ্গৰ সৈতে তিনিচুকীয়াত ৰে'লৱে দিহিং ক্লাবত নৈশ আহাৰ গ্ৰহণ কৰিছিল । ৰে'লৱে সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, সুৰক্ষা বিষয়াজনে শনিবাৰে পুৱা পাছিঘাটলৈ বুলি ৰাওনা হয় আৰু দেওবাৰে ডাম্বুক হৈ পত্নীসহ পৰশুৰাম কুণ্ডলৈ যায় ৷ তাতে লোহিত নদীৰ পানীত ভৰি পিছলি পৰি পত্নীৰ সন্মুখতে সন্ধানহীন হয় এছ কে চৌধুৰী । পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিখনকৈ হেলিকপ্টাৰ আৰু ড্ৰ'নৰ জৰিয়তেও ৰে’লৱে বিভাগে বিষয়াজনৰ সন্ধানত অভিযান চলাইছিল ।