thumbnail

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 8:37 AM IST

ETV Bharat / Videos

জয়সাগৰত ৪ ছাগলী চোৰক উত্তম-মধ্য়ম সোধাই ৰাইজে গতালে আৰক্ষীক

আমগুৰি ,৬ মাৰ্চ: শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰুদ্ৰসাগৰত মঙলবাৰে ৰাইজে উত্তম-মধ্য়ম সোধাই আৰক্ষীক গতালে ছাগলী চোৰক । AS 04 3d 4878 নম্বৰৰ এখন বিলাসী বাহনত চুৰি কৰা ছাগলী কঢ়িয়াই আনিছিল চোৰকেইটাই । বিভিন্ন স্থানৰ পৰা চুৰি কৰা ছাগলী সৰবৰাহ কৰাৰ প্ৰচেষ্টা চলাওতেই ৰুদ্ৰসাগৰ পুৰণিপুখুৰীৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় তীব্ৰবেগী বাহনখন । স্থানীয় লোকে দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা চোৰকেইটাক উদ্ধাৰৰ বাবে কাষ চপাত চাৰিওটাই বাহনখনৰ পৰা পলায়নৰ চেষ্টা কৰে ।

স্থানীয় লোকে চোৰকেইটাক খেদি খেদি আটক কৰাত প্ৰকৃত ঘটনাটো ওলাই পৰে । মুখত টেপ মৰা অৱস্থাত কেইবাটাও ছাগলী বাহনখনৰ পৰা উদ্ধাৰ হয় । স্থানীয় লোকে আটক কৰা চোৰকেইটা যোৰহাট জিলাৰ দেৱপ্ৰতীম দাস, আমিৰ আলী, বিকি তামুলী আৰু অজয় দাস ।

ঘটনাস্থলীত জয়সাগৰ থানাৰ আৰক্ষী উপস্থিত চুৰিকাৰ্যত ব্যবহৃত বাহন,চুৰি ছাগলী জব্দ কৰে । আনহাতে, চোৰ কেইটাক আৰক্ষীয়ে থানালৈ নিয়াৰ পূৰ্বেই স্থানীয় লোকে উত্তম-মধ্য়ম সোধায় । উল্লেখ্য় যে দীৰ্ঘদিন ধৰি শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত ছাগলী চুৰি কাৰ্য সংঘটিত হৈ আহিছে ।

লগতে পঢ়ক:সৰুপথাৰত দিন-দুপৰতে চোৰে লৈ গ’ল বহু আপুৰুগীয়া সম্পদ, নিলে নগদ ধনো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.