thumbnail

নগাঁও কাগজ কলৰ স্থানত টাটাৰ চেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন LIVE

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 10:29 AM IST

Updated : Mar 13, 2024, 11:40 AM IST

মৰিগাঁও জাগীৰোডত টাটা কোম্পানীৰ Semiconductor Assembly and Test Facility উদ্যোগৰ ভাৰ্চুৱেলী আধাৰশিলা তথা ভূমি পূজন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ বাবে জাগীৰোড কাগজ কলৰ প্ৰাংগণত আয়োজন কৰা হৈছে বিস্তৃত কাৰ্যসূচী । জাগীৰোডৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে জাগীৰোড কাগজ কলৰ প্ৰাংগণত বণাৰ্ঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । তদাৰক কৰিছে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই । উল্লেখ্য যে, জাগীৰোডত কাগজ কল ধ্বংস হোৱাৰ পিছত টাটা কোম্পানীৰ চেমিকণ্ডাক্টৰ এচেম্বলি টেষ্ট প্ৰতিষ্ঠানটোত টাটা কোম্পানীয়ে 27000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব বুলি জানিব পৰা গৈছে । আনহাতে, ৰাজ্যখনৰ 15000 দক্ষ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব । জাগীৰোডবাসী তথা গোভা জোনবিল মেলাৰ পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে এই সন্দৰ্ভত কয়, "এয়া জাগীৰোড নহয় অসমৰ বাবেও ভাল খবৰ ।
Last Updated : Mar 13, 2024, 11:40 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.